গুৱাহাটী, ৯ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেল শুক্ৰবাৰে মাজনিশা হেক কৰা হয়। মুখ্যমন্ত্ৰী যোগীৰ কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেল হেক কৰাৰ পিছত, হেকাৰসকলে যোগীৰ প্ৰফাইল ফটো সলনি কৰে আৰু এটাৰ পিছত এটাকৈ কেইবাটাও টুইট কৰে। ইয়াৰ বাহিৰেও, হেকাৰসকলে শতাধিক টুইটাৰ ব্যৱহাৰকাৰীক টেগ কৰে।
হেকাৰসকলে টুইটাৰ হেণ্ডেলৰ প্ৰ'ফাইল ফটো আৰু বায়ো সলনি কৰিছে বুলি খবৰ পোৱা গৈছে। হেকাৰজনে মুখ্যমন্ত্ৰী যোগীৰ কাৰ্যালয়ৰ পৰিৱৰ্তে বায়'ত @BoredApeYC @YugaLabs লিখিছে। লগতে শীৰ্ষত গৈ এটা টুইট পিন কৰিছে। শেহতীয়া তথ্য অনুসৰি, টুইটাৰ হেণ্ডেলটো আংশিকভাৱে পুনৰুদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে, পোষ্টটো টুইট কৰা হৈছে।
টুইটাৰ ব্যৱহাৰকাৰীসকলে ইয়াৰ বিষয়ে জানিব পৰাৰ লগে লগে, তেওঁলোকে উত্তৰ প্ৰদেশ আৰক্ষীক টেগ কৰে আৰু ইয়াৰ বিষয়ে অভিযোগ কৰে।
মানুহে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশ আৰক্ষীক স্ক্ৰীণশ্বটৰ সৈতে টেগ কৰে। অৱশ্যে, কিছু সময়ৰ পিছতে একাউণ্টটো পুনৰুদ্ধাৰ কৰা হয়।
এনে একাউণ্ট হেক হোৱাৰ ঘটনা এইটোৱে প্ৰথম বাৰৰ বাবে হোৱা নাই। ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ টুইটাৰ একাউণ্টো হেক কৰা হৈছে। অৱশ্যে, বিষয়টো পোহৰলৈ অহাৰ অলপ পিছতে এই একাউণ্টবোৰ উদ্ধাৰ কৰা হয়।
Comments