গুৱাহাটী, ৯ এপ্ৰিলঃ মধ্য প্ৰাচ্যলৈ উত্তৰ-পূব ভাৰতৰ কৃষি ৰপ্তানি বৃদ্ধিৰ বাবে, অসমে প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে অৰ্থাৎ ৮ এপ্রিল ২০২২ তাৰিখে ধুবুৰী জিলাৰ পৰা ডুবাইলৈ ১.৫ টন কঁঠাল আৰু সেউজীয়া জলকীয়াৰ সামগ্ৰী ৰপ্তানি কৰিছে।
ধুবুৰীৰ উপায়ুক্ত অনবামুথান ৰপ্তানি কৰি কয় যে, "অসমৰ পৰা প্ৰথমবাৰৰ বাবে ডুবাইলৈ কঁঠাল আৰু সেউজীয়া জলকীয়া ৰপ্তানি কৰা হৈছে। ইয়াৰে ভিতৰত ১.৫ টন কোমল কঁঠাল আৰু আধা টনতকৈও অধিক সেউজীয়া জলকীয়া আছে। এই সামগ্রীখিনি লুলু গ্ৰুপ ইণ্টাৰনেচনেলৰ জৰিয়তে ২২৫ খনতকৈও অধিক চুপাৰমাৰ্কেট আৰু উপসাগৰীয় দেশবোৰৰ হাইপাৰ বজাৰৰ শৃংখলাৰ জৰিয়তে বিতৰণ আৰু ব্যৱসায় কৰা হ'ব।"
ইপিনে, ৰপ্তানি সম্পৰ্কীয় প্ৰক্ৰিয়াটো কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এপিইডিএ) সমন্বয় কৰিছে বুলি জানিব পৰা গৈছে।
উপায়ুক্তগৰাকীয়ে লগতে কয় যে, "ধুবুৰী জিলাৰ কৃষি-অৰ্থনৈতিক খণ্ডৰ লগতে অসমৰ বাবেও এইদিনটো এক বিশেষ দিন।"
আনহাতে, এফ পি অ'ৰ সভাপতি আবুল কালাম আজাদে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে বৰ্ণনা কৰি কয়, "আমি বছৰ বছৰ ধৰি এই দিনটোৰ বাবে অপেক্ষা কৰি আছোঁ। আমি যোৱা ছয় মাহৰ পৰা সেউজীয়া জলকীয়া আৰু কোমল কঁঠাল ৰপ্তানি কৰিবলৈ চেষ্টা কৰি আছোঁ। জিলা প্ৰশাসনে আমাক সকলো সময়তে সহায় কৰি আহিছে। আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ম।"
Comments