গুৱাহাটী,১১ এপ্ৰিল:'চৌকিদাৰ চোৰ হ্যায়’। ৰাফেল গোচৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীক কটাক্ষ কৰি প্রায় প্রতিখন সভাৰ পৰা এই শ্লোগান দিয়া শুনা যায় কংগ্রেছ নেতা ৰাহুল গান্ধীক। এইবাৰ একেই শ্লোগান শুনা গ’ল প্রতিবেশী দেশ পাকিস্তানত! কিন্তু প্রাক্তন প্রধানমন্ত্রীক আক্রমণ কৰি নহয়, অনাস্থা ভোট আনি ইমৰান খানৰ চৰকাৰ ভংগৰ পিছত সেনাক আক্রমণ কৰি শ্লোগান উঠিল পঞ্জাব প্রদেশৰ লাল হাভেলিত।
শনিবাৰে অনাস্থাত ইমৰান খান চৰকাৰ পতনৰ পিছত দেওবাৰে লাল হাভেলিত উপস্থিত হৈছিল তেহৰিক-ই-ইনচাফৰ নেতা-কর্মীসকল। তাত ইমৰান কেবিনেটৰ প্রাক্তন মন্ত্রী শ্বেখ ৰচিদে বক্তৃতা দিবলৈ উঠোতেই শ্লোগান উঠে ‘চৌকিদাৰ চোৰ হ্যায়’।
তেওঁলোকৰ অভিযোগ, পাক সেনাৰ অভিসন্ধিতেই ইমৰানৰ প্রধানমন্ত্রিত্ব গৈছে। ভাইৰেল হোৱা ভিডিওত তেহৰিক-ই-ইনচাফ নেতা ৰচিদে কয়, ‘‘যদি দেশক বচাব বিচাৰে তেন্তে নিশাৰ অন্ধকাৰত নহয়, দিনৰ পোহৰত সিদ্ধান্ত লওক।’’ লগতে তেওঁ কর্মী আৰু সমর্থকসকলক ঈদৰ দিনালৈ সাজু হৈ থাকিবলৈও আহ্বান জনায়।
Comments