গুৱাহাটী, ১১ এপ্ৰিলঃ অ'মিক্ৰনৰ লগতে ৰাছিয়ান ভেকছিন স্পুটনিক ভি ক'ভিডৰ নতুন প্ৰকাৰ এক্স ই-ৰ ক্ষেত্ৰত কিমান কাৰ্যকৰী? এই বিষয়ৰ ওপৰত শেহতীয়াকৈ ৰাছিয়াৰ ঔষধ কোম্পানীটোৱে ইয়াৰ ওপৰত এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে।
কোম্পানীটোৱে কৈছে যে, "আমাৰ স্পুটনিক লাইট, স্পুটনিক-ভি আৰু নজল ভেকছিনবোৰ ক'ভিডৰ সকলো প্ৰকাৰৰ লগতে শেহতীয়া প্ৰকাৰ এক্স ই ৰ ক্ষেত্ৰতো কাৰ্যকৰী হোৱা দেখা গৈছে।
ইপিনে, ৰাছিয়াৰ গামালিয়া কেন্দ্ৰৰ মুখ্য অধ্যাপক আলেকজেণ্ডাৰ গিণ্টচবাৰ্গে কৈছে যে, "স্পুটনিক ভেকছিন, অ'মিক্ৰন প্ৰকাৰ আৰু এক্স ই প্ৰকাৰৰ (বি.এ.১ আৰু বি.এ.২) ওপৰত কাৰ্যকৰী হোৱা দেখা গৈছে।
কোম্পানীটোৱে লগতে দাবী কৰিছে যে, "স্পুটনিক-ভিৰ প্ৰভাৱ সম্পৰ্কে ইটালীৰ স্পলানজানি ইনষ্টিটিউটত এটা অধ্যয়ন কৰা হৈছে। সেই অধ্যয়নত, এই ভেকছিনটো ফাইজাৰৰ তুলনাত অ'মিক্ৰনৰ বিপৰীতে দুগুণ কাৰ্যকৰী হোৱা দেখা গৈছে।"
অধ্যয়নটোত এইটোও পোৱা গৈছে যে, "স্পুটনিক-ভি ভেকছিনটো ভাইৰাছক ধ্বংস কৰা আৰু এণ্টিবডী প্ৰস্তুত কৰাত ফাইজাৰৰ তুলনাত দুগুণ কাৰ্যকৰী বুলি পোৱা গৈছে। আনকি ৩ মাহৰ টিকাকৰণৰ পাছতো, এই ভেকছিনৰ বহু পৰিমাণে প্ৰভাৱ থাকে।"
আনহাতে, বিশ্বত ক'ৰনা ভাইৰাছৰ বি.এ.১ আৰু বি.এ.২ৰ এক্স ই প্ৰকাৰৰ ২ টা নতুন প্ৰকাৰ পোৱা গৈছে।
বৰ্তমানে, এই দুয়োটা প্ৰকাৰৰ ওপৰত অধ্যয়ন চলি আছে যাতে সেইবোৰ কিমান বিপদজনক হ'ব পাৰে চাব পাৰি। ভাৰতকে ধৰি পৃথিৱীৰ বহুতো দেশত এই প্ৰকাৰত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে। যাৰ বাবে মানুহৰ মাজত আকৌ এবাৰ চিন্তা বাঢ়িবলৈ ধৰিছে।
Comments