Classifieds
View All
গুৱাহাটী, ১১ এপ্রিলঃ ভাৰতৰ সৈতে নতুন বাণিজ্য চুক্তি উদযাপন কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে শনিবাৰে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰে য'ত তেওঁক তেওঁৰ ভাৰতীয় সমকক্ষ নৰেন্দ্ৰ মোদীৰ প্ৰিয় ব্যঞ্জন খিচিৰি বনোৱা দেখা গৈছে।
ভাৰত আৰু অষ্ট্ৰেলিয়াই ২ এপ্ৰিলত এক অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি স্বাক্ষৰ কৰে যাতে অষ্ট্ৰেলিয়াৰ বজাৰত ৯৫ শতাংশতকৈ অধিক ভাৰতীয় সামগ্ৰী যেনে; কাপোৰ, চামৰা, গহনা আৰু ক্ৰীড়া সম্পৰ্কীয় সামগ্ৰীৰ কৰমুক্ত প্ৰৱেশ নিশ্চিত কৰিব পৰা যায়।
মৰিছনে শনিবাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, "ভাৰতৰ সৈতে আমাৰ নতুন বাণিজ্য চুক্তি উদযাপন কৰিবলৈ মই আজি ৰাতি ৰান্ধিবলৈ বাছনি কৰা ব্যঞ্জন খিচিৰি মোৰ মৰমৰ বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট প্ৰদেশৰ।"
Comments