বিকাশ সন্দিকৈ, মেলেং ঃ ১০ এপ্ৰিল ঃ স্বকীয় প্ৰতিভা আৰু অদম্য মানসিক দৃঢ়তা থাকিলে গ্ৰাম্য অঞ্চলৰ সন্তানেও যে বিশ্ব দৰবাৰত নিজকে চিনাকি দিব পাৰে সেই কথা প্ৰতীয়মান কৰিলে যোৰহাট জিলাৰ ঐতিহাসিক হাতীগড় মৌজাৰ মেলেং ডাঙৰীয়াটোলৰ (বৰ্তমানৰ ২নং ঘৰফলীয়া) সুদক্ষ এথলীট অম্লান বৰগোহঁায়ে৷
অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা জোৱান বদন চন্দ্ৰ বৰগোহাঁই আৰু গীতাঞ্জলি গগৈ বৰগোহাঁইৰ কনিষ্ঠ পুত্ৰ অম্লানে অলপতে কেৰালাৰ কালিকটত সম্পন্ন হৈ যোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিঃ দৌৰত মাত্ৰ ২০.৫২ ছেকেণ্ড সময় লৈ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি আমেৰিকাত হ’বলগা বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়৷
২৪ বছৰীয়া অম্লানে স্প্ৰিণ্টাৰ এম ডি আনাছৰ পূৰ্বৰ ২০১৮ চনৰ ২০.৬৩ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি চীন এছিয়ান গেমছত অংশগ্ৰহণৰো যোগ্যতা লাভ কৰে৷ ইয়াৰ পূৰ্বেও এথলীটগৰাকীয়ে তেলেংগানাত অনুষ্ঠিত ৬০সংখ্যক ৰাষ্ট্ৰীয় এথলীট চেম্পিয়নশ্বিপত পদক লাভ কৰিছিল৷ বৰ্তমান ৰিলায়েন্স স্প’ৰ্টছ ফাউণ্ডেশ্যন, ভুবনেশ্বৰত প্ৰশিক্ষণৰত অম্লানৰ সন্দৰ্ভত জানিব বিচৰাত গৌৰৱান্বিত পিতৃয়ে জানিবলৈ দিয়ে যে সৰুৰে পৰা ফুটবল খেলৰ প্ৰতিহে অম্লানৰ অধিক ৰাপ আছিল৷
সেনা বাহিনীৰ চাকৰিসূত্ৰে উত্তৰপ্ৰদেশৰ বেৰেলিলৈ বদলি হোৱাত তাতেই শিক্ষা জীৱন আৰম্ভ হৈছিল অম্লানৰ৷ পুনৰ কাশ্মীৰলৈ বদলি হয় যদিও ষষ্ঠ শ্ৰেণীলৈকে অম্লানে অধ্যয়ন কৰে দিল্লীস্থিত আৰ্মি পাব্লিক স্কুলত৷ ফুটবল খেলি ভাল পালেও অম্লানে স্কুলত থাকোঁতেই এবাৰ আঘাত পোৱাত এথলেটিকছৰ প্ৰতিহে আকৰ্ষিত হয়৷ ২০০৯ চনত পিতৃয়ে অৱসৰ গ্ৰহণ কৰিলেও মিনিষ্ট্ৰি অব্ ডিফেন্সে পুনৰ আমন্ত্ৰণ কৰাত পুনৰ তেলেংগানাত চাকৰিত যোগদান কৰে৷
সেয়ে সপ্তম শ্ৰেণীৰ পৰা অম্লানৰ শিক্ষাজীৱন হায়দৰাবাদলৈ সলনি হয়৷ দ্বাদশ শ্ৰেণী তাৰ পৰাই উত্তীৰ্ণ হোৱাৰ লগতে স্নাতক পৰ্যায়তো বাণিজ্য শাখাত নামভৰ্তি কৰে অম্লানে৷ একাদশ শ্ৰেণীত পঢ়ি থাকোঁতেই আগ্ৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত অংশ লৈ অম্লানে এশ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল৷ তেতিয়াই অসমৰ অন্যতম এথলীট প্ৰশিক্ষক নিপন দাসে অম্লানক লগ পাই গুৱাহাটীলৈ নিমন্ত্ৰণ কৰে৷
২০১৮ চনত অম্লানে গুৱাহাটীত হোৱা খেল’ ইণ্ডিয়ালৈ আহে৷ তাতেই অম্লানৰ লগত পৰিচয় হয় ৰিলায়েন্স স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক ৱেলছৰ জেমছ হিলাৰৰ লগত আৰু বিনামূলীয়া প্ৰশিক্ষণৰ প্ৰস্তাৱ লাভ কৰে৷
প্ৰায় দুবছৰ ধৰি এতিয়া অম্লান ৰিলায়েন্সৰ প্ৰশিক্ষাৰ্থী আৰু গঢ়ি তুলিছে নিজস্ব কেৰিয়াৰ৷ অলিম্পিক খেলাৰো সপোন পুহি ৰখা অম্লানৰ এই কৃতিত্বক লৈ সমগ্ৰ দেশ, ৰাজ্যৰ লগতে উৎফুল্ল হৈ পৰিছে জন্মস্থান যোৰহাটৰ মেলেংবাসী৷
মুখ্যমন্ত্ৰী, ক্ৰীড়া মন্ত্ৰীকে ধৰি বিভিন্নজনে অম্লানক শুভেচ্ছা জনোৱাৰ লগতে আজি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে গুৱাহাটীৰ মুখ্য প্ৰশিক্ষক নিপন দাসৰ লগত অম্লানৰ মেলেঙৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰে৷
লগতে শতবৰ্ষীয় যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰা, সম্পাদক জুল খাওন্দ আৰু ভলীবল সম্পাদক নৱজিৎ বুঢ়াগোহাঁয়ে দুয়োকে সম্বৰ্ধনা জনায়৷ দৈনিক জনমভূমিৰ ফালৰ পৰাও অম্লানলৈ যাচিছোঁ অফুৰন্ত শুভকামনা৷
Comments