গুৱাহাটী, ১১ এপ্ৰিলঃ আকাংশলঘী নেমুৰ মূল্যই সৰ্বত্ৰে জনসাধাৰণক এতিয়া জ্বলা-কলা খুৱাইছে। লক্ষ্ণৌত নেমু প্ৰতি কিলোগ্ৰামত ৩২৫ টকা আৰু প্ৰতিটো নেমু ১৩ টকা বিক্ৰী হোৱাৰ লগে লগে জিং আৰু টেং আদি পানীয় কোম্পানীয়ে চৰৱতৰ বটলৰ পৰা নেমুৰ সোৱাদ বাহিৰ কৰিবলৈ বাধ্য হৈ পৰিছে।
ইয়াৰ লগতে, ৰেষ্টুৰেন্টসমূহত বনোৱা ব্যঞ্জন যেনে; ডাল টৰকা, তন্দুৰী চিকেন আদিত প্ৰয়োগ কৰাৰ লগতে চালাডৰ সৈতে পৰিৱেশন কৰা নেমুৰ টুকুৰাবোৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে।
আনহাতে, লেমোনেড, যাক 'শিকাঞ্জি' বুলি জনা যায়, এতিয়া গৰমৰ দিন অহাৰ সময়ত অতিথিসকলক পৰিৱেশন কৰিব পৰা নাযাব। যদিও বৰ্ধিত মূল্যই সাধাৰণ লোকসকলক নেমু ব্যৱহাৰ পৰিত্যাগ কৰিবলৈ বাধ্য কৰাইছে, তেনেতে বহুতো পথৰ কাষৰ ধাবা আৰু চৰৱতৰ বিপনীসমূহেও নেমু পৰিৱেশন কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিছে।
ইয়াৰ লগতে, চানা-চাট বিক্ৰেতাসকলেও নেমুৰ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ বাধ্য হ'বলগীয়া হৈছে। এই সন্দৰ্ভত এজন পথৰ চাট বিক্ৰেতাই কয় যে, "পূৰ্বতে মই প্ৰতিদিনে ৪ কিলোগ্রামকৈ নেমু ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া মূল্যবৃদ্ধি হোৱাৰ বাবে মই সেইবোৰ ক্ৰয় কৰিব নোৱাৰা হ'লোঁ। সেয়েহে মই নেমুৰ সলনি 'আমচুৰ' পাউডাৰ দি আছোঁ কিন্তু ইয়াৰ সোৱাদ একে নহয়।"
ইপিনে, পদপথৰ বিপনীসমূহৰ লগতে বিলাসী ৰেষ্টুৰেণ্টসমূহতো চালাডৰ সৈতে পৰিৱেশন কৰা নেমু বাহিৰ কৰা হৈছে। এই সন্দৰ্ভত এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰ কয় যে, "আমি কেৱল চাহিদা অনুসৰিহে নেমুৰ টুকুৰা পৰিৱেশন কৰি আছোঁ। অন্যথা, আমি ইয়াক চালাড প্লেটাৰত অন্তৰ্ভুক্ত কৰা নাই।
আনহাতে, সৰু ৰেষ্টুৰেণ্ট আৰু কেণ্টিনবোৰে নেমুৰ চৰৱত অথবা পানীয়ৰ মূল্য বৃদ্ধি কৰিছে আৰু সেইবোৰ চালাড প্লেটৰ সৈতে পৰিৱেশন কৰাৰ পৰা বিৰত আছে।
Comments