গুৱাহাটী,১৩ এপ্ৰিল: অসমত বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ নামত ধর্মীয় আৰু ভাষিক সংখ্যালঘুসকলক আতিশয্য কৰা হৈছে— এই অভিযোগৰ ভিত্তিত কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ উত্তৰ বিচাৰিলে ছুপ্রিম কোর্টে। অসম সংখ্যালঘু সংগ্রাম পৰিষদে বিষয়টি সন্দৰ্ভত ছুপ্রিম কোর্টত জনস্বার্থ জড়িত গোচৰ তৰিছিল।
তাত কোৱা হৈছিল, অসমত নাগৰিকত্ব আইন আৰু এনআৰচিৰ নামত সংখ্যালঘুসকলক বিভিন্ন ধৰণে আতিশয্য চলোৱা হৈছে। ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এনআৰচি এতিয়াও মানিব নিবিচাৰে ৰাজ্যৰ বিজেপি চৰকাৰে। ৰাজ্যত এনআৰচি কো-অর্ডিনেটৰে পুনৰ ছুপ্রিম কোর্টত সম্পূর্ণ এনআৰচি পুনর্নিৰীক্ষণৰ আবেদন জনাইছে।
চূড়ান্ত তালিকাৰ পৰাও প্রয়োজন অনুসৰি নাম বাদ দিয়াৰ অনুমতিও বিচৰা হৈছে। আবেদনকাৰীৰ পক্ষত অধিবক্তা সঞ্জয় হেগড়েই ইয়াৰ বিৰোধিতা কৰি জনায়, এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা ইচ্ছামতে নাম বাদ দিয়া আৰু পুনৰ এনআৰচি প্রক্রিয়া নতুনকৈ কৰাৰ অর্থ ধর্মীয় আৰু ভাষিক সংখ্যালঘুসকল পুনৰ চূড়ান্ত আতিশয্য, অমানৱিক অত্যাচাৰৰ সন্মুখীন হ’ব লাগিব।
তেওঁ আদালতৰ ওচৰত আবেদন জনায় যে ‘ৰেজিষ্ট্ৰাৰ জেনেৰেল অব ইণ্ডিয়া’ই যেন সোনকালে এনআৰচিক আনুষ্ঠানিক স্বীকৃতি দিয়ে আৰু তালিকাত নাম থকা সকলোকে যেন পৰিচয়-পত্র দিয়াৰ ব্যৱস্থা কৰা হয়। যিসকলৰ নাম তালিকাত অহা নাই তেওঁলোককো যেন আত্মপক্ষ সমর্থন আৰু নাগৰিকত্ব প্রমাণৰ পর্যাপ্ত সুযোগ দিয়া হয়।
ইয়াৰ উপৰি ১৯৬৪ চনৰ বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় নির্দেশত সন্দেহজনক ব্যক্তিৰ নাগৰিকত্ব পৰীক্ষা কৰাৰ পদ্ধতি আৰু প্রক্রিয়াত সংশোধনীও দাবী কৰে হেগড়েই। ছুপ্রিম কোর্টৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূ়ড় আৰু ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠে সমগ্ৰ বিষয়টো সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে।
Comments