Classifieds
View All
গুৱাহাটী,১৩ এপ্ৰিল:দেশৰ মেডিকেল শিক্ষাৰ্থীসকলৰ প্রথম পছন্দ হ’ব পাৰে হোমিওপেথি। এই অনুভৱ আয়ুসমন্ত্রী সর্বানন্দ সোণোৱালৰ। তেওঁৰ দাবী, দেশত হোমিওপেথি চিকিৎসাৰ গ্রহণযোগ্যতা বেছি। প্রজন্মৰ পিছত প্রজন্মই হোমিওপেথি চিকিৎসাত আস্থা ৰাখে। তাৰ উপৰি মানুহে সহজতেই লাভ কৰে হোমিওপেথি ঔষধ। সেই কাৰণে মেডিকেল শিক্ষাৰ্থীসকলৰ প্রথম পছন্দ হ’ব পাৰে হোমিওপেথি।
আয়ুসমন্ত্রী গৰাকীয়ে লগতে কয়, ‘‘হোমিওপেথি কেৱল আয়ুস চিকিৎসাৰ প্রথম পছন্দ নহয়, চিকিৎসক শিক্ষাৰ্থীসকলৰ বাবেও ই প্রথম পছন্দ হ’ব পাৰে।নেচনেল কমিছন ফৰ ইণ্ডিয়ান চিষ্টেমছ অব মেডিচিন আৰু নেচনেল কমিছন ফৰ হোমিওপেথি আৰু আয়ুস শিক্ষাক একত্রিত কৰিছে কেন্দ্রৰ নতুন শিক্ষানীতিয়ে। যিয়ে নতুন প্রতিভাক আকৃষ্ট কৰিছে।’’
Comments