Classifieds
View All
গুৱাহাটী,১২ এপ্ৰিল:ৰঙালী বিহু অসমত অতি উৎসাহেৰে উদযাপন কৰা হয়। অসমৰ শোনিতপুৰ জিলাৰ তেজপুৰত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ২৫ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে য'ত শিশুসকলক অংশগ্ৰহণ কৰা দেখা গৈছিল।এই কৰ্মশালাখনৰ লক্ষ্য হৈছে নতুন প্ৰজন্মক পৰম্পৰাগত নৃত্যৰ বিষয়ে প্ৰশিক্ষণ দিয়া।
বিহুৰ পূৰ্বে সমগ্ৰ অসমৰ বাদ্য শিল্পী সকলে বিভিন্ন ধৰণৰ বাদ্য যন্ত্ৰবোৰ বজাৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছে।
যোৱা দুটা বছৰ ক’ভিডে বিহুৰ মাদকতা যথেষ্ট পৰিমাণে ম্লান কৰাৰ পাছত পুনৰ বিগত বৰ্ষসমূহৰ দৰেই নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাজো, বাইহাটা চাৰিআলি আদিৰ পৰা অহা হেজাৰ হেজাৰ থলুৱা গামোচা-জাপি-কাপোৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ ।
সৰভোগ আৰু ৰামদিয়াৰ দৈ,বিভিন্ন ধৰণৰ মিঠাই,পিঠা,চিৰা,লাৰুৰে বজাৰ ভৰি পৰিছে।
Comments