গুৱাহাটী, ১৩ এপ্ৰিলঃ চকুৰ তলৰ ক'লা দাগবোৰ কেৱল মহিলাৰ বাবেই নহয় পুৰুষৰ বাবেও এটা ডাঙৰ সমস্যা। এইবোৰ অধিক সময় মোবাইল, টিভি অথবা কম্পিউটাৰৰ স্ক্ৰীণৰ আগত বহি থকা, কম টোপনি, চাপ আৰু আন বহুতো কাৰণৰ বাবে হ'ব পাৰে।
যেতিয়া চকুৰ তলত ক'লা দাগ পৰে, ই মানুহজনক ভাগৰুৱা আৰু বয়স্ক অনুভৱ কৰায়। যদি কোনোবাই ক'লা দাগৰ সমস্যাৰ সৈতে যুঁজি আছে, তেনেহ'লে তেওঁ গাখীৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে, কিয়নো গাখীৰ ক'লা দাগৰ চিকিৎসাৰ বাবে অতি উপকাৰী। ইয়াৰ ছাল পৰিস্কাৰ কৰাৰ গুণাগুণ আছে।
চকুৰ তলত ক'লা দাগ পৰাৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে। ইয়াত অন্তৰ্ভুক্ত আছে আনুবংশিক, বয়স বৃদ্ধি, শুকান ছাল, মোবাইল, কম্পিউটাৰত দীঘলীয়া সময় কাম কৰা, মানসিক আৰু শাৰীৰিক চাপ, টোপনিৰ অভাৱ আৰু পুষ্টিকৰ খাদ্যৰ অভাৱ।
ক'লা দাগৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱাৰ উপায়ঃ
১. বাদাম তেল আৰু গাখীৰ
- সমান পৰিমাণৰ ঠাণ্ডা গাখীৰত অলপ বাদাম তেল মিহলি কৰক।
- এই প্ৰস্তুত মিশ্ৰণটোত অলপ কপাহ ডুবাই ৰাখক।
- চকুত কপাহখিনি এনেদৰে ৰাখক যাতে ক'লা দাগবোৰ ঢাকি ৰাখে।
- ইয়াক ১৫-২০ মিনিটৰ বাবে এৰি দিয়ক।
- তাৰ পিছত পৰিস্কাৰ পানীৰে ধুব।
এই প্ৰতিকাৰটো প্ৰতিদিনে পুনৰাবৃত্তি কৰিব পাৰি।
২. ঠাণ্ডা গাখীৰ
- প্ৰথমে, এটা বাটিত অলপ ঠাণ্ডা গাখীৰ লওঁক।
- ইয়াৰ পিছত, ইয়াত অলপ কপাহ তিয়াই ৰাখক।
- কপাহখিনি চকুৰ ওপৰত এনেদৰে ৰাখক যাতে ই ক'লা দাগবোৰ আৱৰি ৰাখে।
- ইয়াক ২০ মিনিটৰ বাবে এৰি দিয়ক।
- এতিয়া কপাহখিনি আঁতৰাওক।
- তাৰ পিছত মুখখন সতেজ পানীৰে ধুই পেলাওক।
এইটো উপায় প্ৰতিদিনে তিনিবাৰ কৈ পুনৰাবৃত্তি কৰিব পাৰে।
৩. গোলাপ জল আৰু গাখীৰ
- সমান পৰিমাণৰ ঠাণ্ডা গাখীৰ আৰু গোলাপ জল মিহলি কৰি লওক।
- মিশ্ৰণটোত অলপ কপাহ তিয়াই ৰাখক।
- তাৰ পিছত কপাহখিনি চকুৰ ক'লা দাগৰ ওপৰত ৰাখক।
- ইয়াক ২০ মিনিটৰ বাবে এৰি দিয়ক।
- এতিয়া কপাহখিনি আঁতৰাওক আৰু সতেজ পানীৰে ধুওক।
চকুৰ ক'লা দাগ আঁতৰাবলৈ এই পদ্ধতিটো প্ৰতি সপ্তাহত ৩ বাৰ পুনৰাবৃত্তি কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments