গুৱাহাটী,১৩ এপ্ৰিল:চৌদি আৰবে আজি ঘোষণ কৰিছে যে এইবাৰ ১০ লাখ লোকে হজ যাত্ৰা কৰিব পাৰিব। ঘৰুৱা আৰু বিদেশী ১০ লাখ লোকক হজ যাত্ৰাৰ বাবে অনুমতি দিয়া হ’ব বুলি আজি চৌদি প্ৰশাসনে ঘোষণা কৰিছে। ক’ভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰত হজ যাত্ৰা কৰা লোকৰ সংখ্যা সীমিত আছিল। কিন্তু ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত চৌদি প্ৰশাসনে বিদেশী লোককো হজ যাত্ৰাৰ অনুমতি প্ৰদান কৰিছে। চৌদি আৰবৰ হজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিদেশী আৰু দেশৰ ১০ লাখ লোকৰ বাবে হজ যাত্ৰাৰ অনুমতি থাকিব।
উল্লেখ্য যে ২০১৯ত ২৫ লাখ লোকে হজ যাত্ৰা কৰিছিল। কিন্তু ২০২০ত ক’ভিড মহামাৰীৰ বাবে চৌদি প্ৰশাসনে কেৱল ১ হাজাৰ লোককহে হজ যাত্ৰাৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত ৬০ হাজাৰ লোকক হজ যাত্ৰাৰ অনুমতি দিয়া হৈছিল। যি ৬০ হাজাৰ লোকক হজ যাত্ৰাৰ বাবে অনুমতি দিয়া হৈছিল সেইসকল দুইপালি ভেকচিন লোৱা ঘৰুৱা লোক আছিল। এই বছৰ জুলাই মাহৰ পৰা হজ যাত্ৰা আৰম্ভ হ’ব। যিসকল বিদেশী লোকে হজ যাত্ৰাৰ বাবে চৌদি আৰবত উপস্থিত হ’ব সেইসকল ৭২ ঘণ্টাৰ ভিতৰত ক’ভিড টেষ্টিঙৰ নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব। যোৱা দুটা বছৰে বিদেশী লোকৰ বাবে হজ যাত্ৰা নিষিদ্ধ আছিল। কিন্তু এইবাৰ বিদেশী লোককো হজযাত্ৰাৰ অনুমতি দিয়া হৈছে।
Comments