Cartoon
View Older
তিনিচুকীয়া: ১৫ এপ্ৰিল: ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে যোৱা নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰী,বুঢ়ীদিহিং মৌজাত প্ৰচণ্ড ধুমুহাই তাণ্ডৱলীলা চলায় ৷ ধুমুহাই তাণ্ডৱ লীলা চলাই অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰে৷ অঞ্চলটোত অৰ্ধশতাধিক লোকৰ ঘৰ ভাঙি ক্ষতি কৰাৰ লগতে গছ- গছনি, চাহ, তামোল গছ আদি ভাঙি ক্ষতি কৰে৷
তাৰোপৰি অঞ্চলটোৰ কেইবাটাও স্থানত বিদুৎতৰ তাঁৰ ছিঙি, খুটা উভালি পৰাত অৰ্ধশতাধিক গাওত বিদুৎ সেৱা ব্যাহত হৈ পৰিছে। কেইবাখনো গাওঁক সংযোগ কৰা কেইবাটাও মূল পথৰ ওপৰত গছ, বাঁহ পৰাত যাতায়ত-যোগাযোগ সেৱা বন্ধ হৈ পৰিছে৷ কম-বেছি পৰিমাণে কেইবাগৰাকীও আহত হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
Comments