গুৱাহাটী, ১৬ এপ্ৰিলঃ ৫ বছৰ কাল একেলগে ব্যক্তিগত সময় অতিবাহিত কৰাৰ পিছত, আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰ চিৰদিনৰ বাবে এক হৈ পৰিছে। ৰণবীৰ কাপুৰে ইতিমধ্যে আলিয়াৰ প্ৰেমত মোহিত হৈ পৰিছে। কিন্তু বিবাহ অনুষ্ঠানৰ সময়ত, ৰণবীৰ কাপুৰে পৰিয়ালৰ সকলো সদস্যৰ সন্মুখত এনেকুৱা এক কাম কৰিছে, যিটো আলিয়াই সহৃদয়ৰে আঁদৰি লৈছে।
ৰণবীৰে তেওঁৰ প্ৰেয়সী আলিয়া ভাট্টৰ পৰা বৰমালা পিন্ধিবলৈ আঁঠুৰ ওপৰত মাটিত বহি পৰিছে। ৰণবীৰে এইটো কৰা দেখি আলিয়া হতবাক হৈ পৰে। ইয়াৰ পিছত আলিয়াই ৰণবীৰক বৰমালা পিন্ধায়।
আলিয়াই ৰণবীৰক বৰমালা পিন্ধোৱাৰ লগে লগে ৰণবীৰ আৰু আলিয়া অতি আৱেগিক হৈ পৰে। ইয়াৰ পিছত ৰণবীৰে পৰিয়ালৰ সকলো সদস্যৰ সন্মুখতে আলিয়াক চুম্বন কৰে। ৰণবীৰ আৰু আলিয়াৰ বিবাহ অনুষ্ঠানৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ ৰোমান্টিক নৃত্যৰ ভিডিঅ' ভাইৰেল হৈ আছে। ভিডিঅ'টোত, এই দুয়োজন তাৰকাক 'চৈয়া চৈয়া' গানটোত নৃত্য কৰা দেখা গৈছে।
বিবাহ অনুষ্ঠানৰ পিছত, আলিয়া আৰু ৰণবীৰ বিবাহৰ অনুষ্ঠান স্থলীৰ বাহিৰত ৰৈ থকা সংবাদ মাধ্যমক লগ কৰিবলৈ উপস্থিত হয়। প্ৰথম ৰাজহুৱা ৰূপত নৱ বিবাহিত দম্পতীহালৰ মাজত বহু উৎসাহ দেখিবলৈ পোৱা যায়।
ৰণবীৰে পত্নী আলিয়াক সকলোৰে সন্মুখত কোলাত তুলি লয়। ৰণবীৰ আৰু আলিয়াৰ বিয়াত বহুতো চেলিব্ৰিটি উপস্থিত থাকে।
Comments