গুৱাহাটী, ১৬ এপ্রিলঃ প্ৰতিদিনে মানুহে জানি বুজি বা অজ্ঞাতে এনে বহুতো কাম কৰে যি স্বাস্থ্যৰ বহু ক্ষতি কৰে। উচ্চ ৰক্তচাপ বৰ্তমান এটা সচৰাচৰ শাৰীৰিক সমস্যা হৈ পৰিছে। এনে পৰিস্থিতিত, উচ্চ ৰক্তচাপ কিহৰ বাবে হ'ব পাৰে জনাটো অতি গুৰুত্বপূৰ্ণ।
১. ছডিয়াম যুক্ত আহাৰ
উচ্চ ছডিয়াম আৰু উচ্চ ৰক্তচাপৰ মাজত পোনপটীয়া সম্পৰ্ক আছে। অত্যাধিক ছডিয়াম ব্যৱহাৰৰ বাবে মানুহৰ ৰক্তচাপ অধিক হয়। ইয়াৰ বাবে মানুহে খাদ্যত নিমখ হ্ৰাস কৰাৰ উপৰিও, পেকেটযুক্ত খাদ্যত লুকাই থকা ছডিয়ামৰ পৰিমাণৰ যত্ন লোৱা উচিত।
২. পাচলি আৰু ফলৰ পৰা দূৰত থকা
পটাছিয়াম হৈছে খনিজ পদাৰ্থ, যি ছডিয়াম প্ৰতিৰোধ কৰে। মানুহৰ শৰীৰে পটাছিয়ামৰ পৰিমাণ যিমানে বেছি পায়, সিমানে শৰীৰৰ পৰা ছডিয়াম হ্ৰাস হ'ব। পটাছিয়ামৰ পৰিমাণ বৃদ্ধি কৰিবলৈ, মানুহে আহাৰত ভাল আৰু স্বাস্থ্যকৰ খাদ্য অন্তর্ভুক্ত কৰিব লাগে।
৩. অত্যধিক চাপ
চাপৰ ফলত মানুহৰ ৰক্তচাপ বৃদ্ধি হয়। গতিকে নিজকে চাপৰ পৰা আঁতৰাই ৰাখিব যাতে শৰীৰৰ স্নায়ুবোৰ সুস্থিৰ হৈ থাকে। অত্যধিক চাপৰ ফলত মানুহৰ ৰক্তনলীবোৰো ক্ষতিগ্ৰস্ত হ'ব পাৰে।
৪. অত্যধিক সুৰা পান কৰা
অত্যধিক সুৰা সেৱন কোনো পৰিস্থিতিত লাভজনক হিচাপে প্ৰমাণিত হ'ব নোৱাৰে। ই মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায়। সুৰাই ৰক্তচাপ যথেষ্ট বৃদ্ধি কৰিব পাৰে। ই হৃদৰোগ, হৃদযন্ত্ৰৰ বিফলতা আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ আশংকাও বৃদ্ধি কৰে।
৫. টোপনিৰ অভাৱ
টোপনিৰ অভাৱে মানুহৰ উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। মানুহৰ সুস্বাস্থ্যৰ বাবে ভাল টোপনি অতি গুৰুত্বপূৰ্ণ। শৰীৰক বিশ্ৰাম দি, মানুহে সুস্থ অনুভৱ কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments