গুৱাহাটী,১২ এপ্ৰিল:অসমত শেহতীয়াকৈ কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধখন তুংগত উঠিছে । আজি যদি কংগ্ৰেছে আক্ৰমণ কৰিছে এআইইউডিএফক, কালি আকৌ দুগুণ বলেৰে এআইইউডিএফে জপটিয়াই ধৰিছে কংগ্ৰেছক । মুঠতে ৰাজ্যসভা নিৰ্বাচনত কোনে কাৰ নিমখ খাই নিমখহাৰামী কৰিলে, তাকে লৈ এতিয়া কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চৰ্চাৰ শেষ নাই ।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অলপতে হুংকাৰ দিছে যে, ৰমজানৰ পিছতে কংগ্ৰেছে এআইইউডিএফৰ বিৰুদ্ধে উৎখাত অভিযান আৰম্ভ কৰিব । অসমৰ পৰা এআইইউডিএফক উৎখাত কৰিহে কংগ্ৰেছ ক্ষান্ত হ’ব ।
ভূপেন বৰাৰ এনে হুংকাৰৰ পিছত এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলৰ লগতে সভাপতি ভূপেন বৰাক ।তাৰ মাজতে সোমবাৰে ভূপেন বৰা সমন্বিতে সমগ্ৰ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় এআইইউডিএফ-ৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে কয়- "যিটো দলে অসমত কোন দলৰ চৰকাৰ চলি আছে সেই কথাই পাহৰি গৈছে, সেইটো দলৰ নেতাৰ বিষয়ে, সভাপতিৰ বিষয়ে কি কথা পাতিব । তেওঁলোকে পাহৰি গৈছে যে অসমত বিজেপিৰহে চৰকাৰ চলি আছে । এআইইউডিএফৰ নহয় । তেওঁলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে এআইইউডিএফকহে । এইদৰে এআইইউডিএফক আক্ৰমণ কৰোঁতে কৰোঁতে কংগ্ৰেছ নিজেই শেষ হৈ যাব" ৷
Comments