Classifieds
View All
গুৱাহাটী,১২ এপ্ৰিল:মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক৷ পেট্ৰ'ল ডিজেলৰ লগতে প্ৰতিদিনে মূল্য বৃদ্ধি পাইছে আন বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ৷ধাৰাবাহিক ভাৱে হোৱা মূল্যবৃদ্ধিক লৈ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য।
তেওঁ কয়,"৩ বছৰে সমগ্ৰ ৰাজ্যত কৰ'না মহামাৰীৰ সংক্ৰমণৰ ফলত লকডাউন দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।জনসাধাৰণৰ উপাৰ্জনৰ পথ নাইকিয়া হোৱাৰ বাবেই অৰ্থনৈতিক দিশত লোকচানৰ সন্মুখীন হৈছে সমগ্ৰ দেশ।যাৰ ফলত মূল্যবৃদ্ধি হৈছে।আমি সকলোৱেই উৎপাদন কৰিব লাগিব, যি সকলৰ মাটি আছে তেওঁলোকে খেতি কৰক৷ মিঠাতেলৰ দাম কমিব, সৰিয়হ খেতি কৰক৷ মুঠতে আমি আমাৰ উৎপাদন বঢ়াব লাগিব।"
Comments