গুৱাহাটী, ১৯ এপ্ৰিলঃ বৰ্ধিত ৰক্তচাপ হৈছে সেই গুৰুতৰ স্বাস্থ্য সমস্যাবোৰৰ ভিতৰত এটা যাক হৃদৰোগৰ এক মুখ্য কাৰণ হিচাপে দেখা যায়। বৰ্ধিত ৰক্তচাপৰ ফলত ধমনীবোৰত তেজৰ চাপ বৃদ্ধি হয়, এই চাপ বৃদ্ধি হোৱাৰ বাবে, তেজৰ ধমনীত তেজৰ প্ৰবাহ বজাই ৰাখিবলৈ হৃদযন্ত্ৰই অধিক কাম কৰিবলৈ ধৰে। সাধাৰণতে, জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যা হৈ থাকিব পাৰে, যাক নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।
উচ্চ ৰক্তচাপৰ মুখ্য কাৰণসমূহঃ
-মেদবহুলতা
-ধূমপান
-সুৰা সেৱন
-ভাৰসাম্যহীন আহাৰ
-টোপনিৰ অভাৱ
-চাপ বা হতাশা
-শাৰীৰিক সক্ৰিয়তা হ্ৰাস
উচ্চ ৰক্তচাপৰ বাবে এৰিব লগা ৩ টা বদ অভ্যাসঃ
উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কি কৰিব লাগে জনাটো অতি গুৰুত্বপূৰ্ণ। মানুহৰ সৰু ভুলৰ বাবে, উচ্চ ৰক্তচাপৰ সমস্যা দীৰ্ঘদিন ধৰি থাকিব পাৰে।
১. অতিৰিক্ত নিমখ গ্ৰহণ
নিমখ বা ইয়াত পোৱা ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সমস্যা বৃদ্ধি কৰে। অত্যাধিক নিমখ সেৱনে ৰক্তচাপ বৃদ্ধি কৰে। যদিও শৰীৰটো শক্তিশালী কৰি ৰাখিবলৈ আৰু ইয়াক কাম কৰি থকাৰ শক্তি প্ৰদান কৰিবলৈ অলপ নিমখ প্ৰয়োজন, কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰে উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিব পাৰে, এনে পৰিস্থিতিত, এদিনত সৰু এক চামুচতকৈ অধিক নিমখ খাব নালাগে।
২. উচ্চ চৰ্বিযুক্ত আহাৰ খোৱা
ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ, মানুহে উচ্চ চৰ্বি যুক্ত খাদ্য পৰিহাৰ কৰাটো নিত্যান্তই প্ৰয়োজনীয়। সম্পূৰ্ণ চৰ্বিযুক্ত গাখীৰ-ক্ৰীম, মাখন, ৰঙা মাংস আদিত উচ্চ পৰিমাণৰ সংপৃক্ত চৰ্বি থাকিব পাৰে, ইয়াক পৰিহাৰ কৰাটো মানুহৰ বাবে উপকাৰী হ'ব পাৰে। সংপৃক্ত চৰ্বিয়ে ৰক্তচাপৰ লগতে শৰীৰৰ অন্যান্য বিভিন্ন স্বাস্থ্য সমস্যাৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়েহে মানুহে এইবোৰ খোৱা পৰিহাৰ কৰা উচিত।
৩. সুৰাপান
যিসকল লোকৰ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে সুৰাৰ পৰা আঁতৰি থাকিব লাগে। ২০১৭ চনৰ এটা অধ্যয়নত কম সুৰা পান আৰু নিম্ন ৰক্তচাপৰ মাজত এটা সম্পৰ্ক পোৱা গৈছে। বিশেষজ্ঞসকলৰ মতে, আনকি উচ্চ ৰক্তচাপৰ সমস্যা নথকা লোকসকলেও ভৱিষ্যতে সুৰাৰ পৰা আঁতৰি থাকি এই বিপদাশংকা হ্ৰাস কৰিব পাৰে। সুৰাই ৰক্তচাপৰ ঔষধবোৰ নিষ্ক্ৰিয় কৰিব পাৰে, আৰু কিছুমান ঔষধৰ সৈতে ৰাসায়নিক সংমিশ্রণ হৈ ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments