গুৱাহাটী, ১৯ এপ্ৰিলঃ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগে সোমবাৰে কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লব গোপাল ঝাক মুখ্যমন্ত্ৰীৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগৰ তদন্ত কৰিবলৈ কৈছে।
অসম জাতীয় পৰিষদে (অজাপ) দাখিল কৰা অভিযোগ কৰিছে যে "নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভোটাৰক প্ৰলোভিত কৰাৰ লগতে বহুটো দৃষ্টান্তমূলক আচৰণ বিধি কৰিছে। লগতে, গুৱাহাটীৰ ভূমিহীন বাসিন্দাসকলক ভূমি পট্টা প্ৰদান কৰাৰ ঘোষণা কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে।"
অসম জাতীয় পৰিষদে আৰু অভিযোগ কৰিছে যে, "মুখ্যমন্ত্ৰীয়ে অৰুনোদই আঁচনিৰ সম্প্ৰসাৰণ আগবঢ়াই আৰু বিজেপি প্ৰাৰ্থীসকলক ভোট দিলে উন্নয়নমূলক কাৰ্যকলাপৰ বাবে প্ৰতিটো ৱাৰ্ডক ১০ কোটি টকা আগবঢ়াব বুলি ভোটাৰসকলক প্ৰলোভিত কৰিছে।"
Comments