গুৱাহাটী,১৯ এপ্ৰিল :অসম আৰক্ষীৰ এবি. ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে গুৱাহাটীত কালি কৰা হৈছিল প্ৰতিবাদ।লিখিত পৰীক্ষাত অৱৰ্তীন প্ৰাৰ্থীয়ে উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সমীপত সাব্যস্ত কৰিছিল এই প্ৰতিবাদ।উল্লেখযোগ্য য়ে কনিষ্ঠবলকে ধৰি অসম আৰক্ষীত বহুকেইটা শাখাত মুঠ ৯০১৭ টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীন হৈছিল ।লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে সাব্যস্ত কৰে প্ৰতিবাদ।
ইয়াকে লৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়,‘‘ৰাজপথত প্ৰতিবাদ কৰা যুৱক কেতিয়াও অসম আৰক্ষীত থাকিব নোৱাৰে । নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে ৷ অসম আৰক্ষী এটা সংঘবদ্ধ অনুষ্ঠান,বহুদিনলৈ দৰমহা নোপোৱা চিপাহীও অসম আৰক্ষীত আছে।অতিৰিক্তভাৱে দুই হাজাৰ আৰক্ষী পদৰ বাবেহে বিজ্ঞাপন দিয়া হৈছে । পৰীক্ষা অনুষ্ঠিত হ'বই । অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হ'লেই ফলাফল ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে, আন্দোলন কৰা মানুহ অসম আৰক্ষীত নালাগে ।’’
Comments