গুৱাহাটী,১৯ এপ্ৰিল:কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে আজি বৰপেটা জিলা ভ্ৰমণ কৰিব৷ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি পুৱা কয়লা আৰু খনি বিভাগৰো দায়িত্বত থকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে বিমানযোগে নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যা ষ্টেচনৰ পৰা ৰেলগাড়ীৰে পোনে পোনে বৰপেটা ৰোড ষ্টেচনলৈ আহিব।
তাৰপৰা তেওঁ বৰপেটালৈ অহাৰ বাটত খৈৰাবাৰী, হাউলী, দঙৰকুছী আদিত প্ৰাথমিক বিদ্যালয়, বাঁহ-বেতৰ উদ্যোগ, এলুমিনিয়াম উদ্যোগ, তামোল-পাতৰ উদ্যোগ আদিৰ উপৰি সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, পানীযোগান কেন্দ্ৰ, প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ ঘৰ, অঙ্গনবাড়ী কেন্দ্ৰ, কৃষি-পাম আদি পৰিদৰ্শন কৰাৰ কথা।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, আবেলি ৩ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হবলগীয়া এখন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সাংসদ, বিধায়ক আদিৰ উপৰি জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। আবেলি পাচঁ বজাত তেওঁ সাংবাদিক সকলৰ সৈতেও বাৰ্তালাপ কৰাৰ কথা।
দুপৰীয়াৰ পৰা আবেলিলৈ অনুষ্ঠিত এই সভাত শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জল সম্পদ, সমাজ কল্যাণ, কৃষি, উদ্যোগ তথা বাণিজ্য, তথ্য আৰু জনসংযোগ আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকলো উপস্থিত থাকি ৰে'ল ৰাজ্য মন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচীক বিভিন্ন দিশ খৰচিমাৰী আলোচনা কৰা হয়।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী ৰাওচাহেব ডানভেৰ বৰপেটা জিলা ভ্ৰমণক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। এই ভ্ৰমণে অভয়াপুৰী হৈ সত্ৰ নগৰী বৰপেটা জিলা সদৰৰ লগতে কাহঁ-পিতলৰ ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰসিদ্ধ সৰ্থেবাৰী চহৰকো ৰে'ল মানচিত্ৰৰে সাঙোৰাৰ বাবে উত্থাপন হৈ অহা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীয়ে বাস্তৱ ৰূপ লাভ কৰিব বুলি আশাৰ সঞ্চাৰ হৈছে।
Comments