গুৱাহাটী,১৮ এপ্ৰিল:অসম প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই ৰবিবাৰে কংগ্রেছ দল ত্যাগ কৰাৰ পিছত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী উপস্থিতিত মমতা বেনাৰ্জীৰ দলত যোগদান কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই একমুখে ৰিপুণ বৰাক এজন সুবিধাবাদী চৰিত্ৰৰ লোক বুলি আখ্যা দিছে । দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দলে তেওঁক সকলোখিনি দিয়াৰ পিছতো দলৰ বিপদৰ সময়ত এইদৰে কংগ্ৰেছ এৰি থৈ আন দলত যোগদান কৰা কাৰ্যই তেওঁৰ সুবিধাবাদী চৰিত্ৰটোকেই উদঙাই দিলে।
বিৰোধী দলপতিগৰাকীয়ে আৰু কয় যে, এই কংগ্ৰেছ দলেই তেওঁক বিধায়ক পাতিছিল, মন্ত্ৰী হোৱাৰ সুবিধা দিছিল, সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিল । আনকি তেওঁৰ পত্নীকো এই কংগ্ৰেছ দলেই বিধায়ক হোৱাৰ সুযোগ দিছিল । এতিয়া কংগ্ৰেছৰ দিন অলপ বেয়া হোৱাৰ বাবেই নিজৰ সুবিধাবাদী চৰিত্ৰ প্ৰকট কৰি ৰিপুণ বৰাই দল এৰি আন দলত যোগ দিলে । বিগত ৰাজ্যসভা নিৰ্বাচনতো আনকি দলে তেওঁক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব দিছিল আৰু তেওঁক পুণৰ জয়ী কৰি পঠিয়াবলৈও দলে আপ্ৰাণ চেষ্টা চলাইছিল ।ৰিপুণ বৰাৰ দল ত্যাগে কংগ্ৰেছক দূৰ্বল কৰিব নোৱাৰে বুলি মন্তব্য কৰি বিৰোধী দলপতি গৰাকীয়ে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলক মনোবল নেহেৰুৱাবলৈও আহ্বান জনায় । উল্লেখযোগ্য যে ৰিপুণ বৰাই দেওবাৰৰ দিনটোতে কংগ্ৰেছ ত্যাগ কৰি দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ অক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । পদত্যাগ প্ৰেৰণ কৰিয়েই এক মুহূৰ্তও বিলম্ব নকৰি কলকাতাত পত্নী মনিকা বৰা সহিতে যোগদান কৰে তৃণমূল কংগ্ৰেছত ।
Comments