গুৱাহাটী,১৮ এপ্ৰিল:বিগত দুবছৰ ধৰি মানুহে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি আহিছে । কৰ’না সংক্রমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ছেনিটাইজাৰ নিজৰ ঘৰত ৰাখিছে । কিন্তু সাম্প্রতিক সময়ত দেখা গৈছে, ভাইৰাছৰ পৰা সুৰক্ষাৰ লগতে এই ছেনিটাইজাৰ বহু পৰিয়ালৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।হায়দৰাবাদত বহু লোকে হেণ্ড ছেনিটাইজাৰ খাই আত্মহত্যাৰ চেষ্টা কৰিছে।
বিগত এবছৰত হায়দৰাবাদত প্ৰায় ৮০ জনে হেণ্ড ছেনিটাইজাৰ খাই আত্মহত্যাৰ চেষ্টা কৰিছে । এই সমস্ত পৰিসংখ্যা নিজামছ ইনষ্টটিউট অৱ মেডিকেল ছায়েন্সেছ (NIMS)-ৰ ।বিশেষজ্ঞসকলৰ মতে,কিছুসংখ্যক লোকে ইয়াক প্ৰত্যক্ষভাৱে খাইছে । অনেকে আৰু এলকহলৰ স’তে মিহলি কৰি ছেনিটাইজাৰ খাইছে।বিশেষজ্ঞসকলৰ মতে, ছেনিটাইজাৰ খালে গেষ্ট্ৰ’ইনটেষ্টাইনাল ট্ৰেক্টত সমস্যা হ’ব পাৰে । যদিও ৰোগীসকল সাধাৰণতে জীয়াই থাকে অৱশ্যে বাৰে বাৰে অস্ত্রোপচাৰৰ প্রয়োজন হ’ব পাৰে ।
Comments