Classifieds
View All
গুৱাহাটী,১৮ এপ্ৰিল:মনোজ চোনীক ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন (ইউপিএছচি)ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিভিন্ন মহলৰ পৰা পোৱা অভিযোগ অনুসৰি তেওঁ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৈতে জড়িত।
ইউপিএছচি এক নিৰপেক্ষ সংস্থা হ'ব লাগে। ইয়াকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে কেন্দ্ৰক কঠোৰ ভাৱে আক্ৰমণ কৰে।তেওঁ কয়,"ভাৰতীয় সংবিধানক একে সময়তেই ধ্বংস কৰা হৈছে।কেন্দ্ৰীয় লোকসেৱা আয়োগ নহয় ই এতিয়া কেন্দ্ৰীয় প্ৰচাৰক সংঘ আয়োগ হৈছে।"
Comments