গুৱাহাটী,১৮ এপ্ৰিল:দুবছৰীয়া মহামাৰীৰ বিৰতিৰ অন্তত উভতি আহিছে হেবিটেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত অহা ৬ মে' ৰ পৰা ১৫ মে';লৈ অনুষ্ঠিত হ'ব এই চলচ্চিত্ৰ মহোৎসৱ।মহোৎসৱটোত আন্ত:ৰাষ্ট্ৰীয় ভাৱে পুৰস্কাৰ প্ৰাপ্ত আৰু বিভিন্ন চলচ্চিত্ৰ মহোৎসৱৰ প্ৰিয় চলচ্চিত্ৰসমূহৰ এক আকৰ্ষণীয় লাইন-আপ প্ৰদৰ্শন কৰা হ'ব।
যাৰ ভিতৰত আছে নাথালি আলভাৰেজ মেচেনৰ 'ক্লাৰা চোলা', ষ্টিফান ৰুজোৱিটস্কিৰ 'হিণ্টাৰলেণ্ড', জুৰিখ চলচ্চিত্ৰ মহোৎসৱত বিজয়ী 'দ্য লাষ্ট অষ্ট্ৰিয়ানছ'; ইটালীৰ ভেনিছ চলচ্চিত্ৰ মহোৎসৱ আৰু ৯৪ তম একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্মৰ বাবে স্থান পোৱা পৰ্তুগীজ চলচ্চিত্ৰ 'দ্য ব্লাইণ্ড মেন হু দিড নট ৱান্ট চি দ্য টাইটানিক', আৰু 'দ্য মেটামৰ্ফচিছ অফ বাৰ্ডছ'।এই সংস্কৰণটোত হিন্দীৰ ওপৰিও সংস্কৃত, মালায়ালম, তামিল, ভোজপুৰী, অসমীয়া, বঙালী আদি ভাষাৰো চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব।
Comments