গুৱাহাটী,১৮ এপ্ৰিল:অসমৰ প্ৰথম খন মুকলি বিহু মেলা চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুৰ ১০৪ বৰ্ষ, ৮৯ তম চতিয়া কেন্দ্ৰীয় বহাগী মেলা আৰু চতিয়াৰ কেইবাখনো বিহু মেলা একলগ হৈ বহাগৰ প্ৰথম দিনাই অনুষ্ঠিত কৰিলে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৰ আৰু এই শোভাযাত্ৰা শুভাৰম্ভ কৰিবলৈ চতিয়া বাসী ৰাইজৰ আমন্ত্ৰণত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী।
চতিয়াবাসীৰ মৰম আৰু আনন্দক সাৰোগত কৰি তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলে,'কতো কেতিয়াও নেদেখা দৃশ্য-চাৰিওফালে কেৱল মানুহ মানুহ মানুহ,কোন নাই সেই শোভাযাত্ৰাত-বড়ো, ৰাভা, মিছিং, কাৰ্বি, নেপালী, চাহজনগোষ্ঠী, আদিবাসী, খিলঞ্জীয়া মুছলমান, পমুৱা মুছলমান।সমগ্ৰ চতিয়াৰ প্ৰত্যেক খন গাৱৰ ৰাইজ, মহিলা, যুবক যুবতী, প্ৰত্যেক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, এন চি চি , স্কাউতৰ দল ,বিভিন্ন প্ৰতিকী।দল মত জাতি ধৰ্ম নিৰ্বিশেষে কেৱল মানুহ।চতিয়াৰ এই অনুষ্ঠানত অংশগ্ৰহণ মোৰ জীৱনৰ এক অনন্য প্ৰাপ্তি।ইমান একতা মানুহৰ, ইমান সংগবদ্ধ , আৰু নেতৃত্ব অতুলনীয়। বহাগৰ প্ৰথম দিনাই চতিয়া বাসী ৰাইজৰ অজস্ৰ মৰম আৰ্শীবাদে মোক আজীৱন ঋনী কৰি ৰাখিব, মইও কৃতজ্ঞ হৈ থাকিম চতিয়াবাসীৰ ওচৰত, চতিয়াৰ ওচৰত।'
'এটা বিশ্ময়কৰ অভিজ্ঞতাৰ উত্তেজনা শেষ নহওতেই মোৰ জীৱনলৈ পহিলা বহাগৰ দিনা দ্বিতীয়টো বিশ্ময়কৰ অভিজ্ঞতা হৈ আহিল এজন ব্যক্তিৰ সপোনৰ কানন "কণ্যকা"।কণ্যকাত ভৰি দিয়েই মোৰ চকু যেনিতেনি গ'ল । এইয়া ক'লৈ আহিছো মই, প্ৰকাণ্ড বাটচৰা পাৰ হৈ দেখিছোঁ আমাৰ ঐতিহ্য গৌৰবৰে সুন্দৰ নামঘৰটো কৃষিপাম হে কিন্তু কি নাই ইয়াত-নামঘৰ, অতিথিশালা, সভাগৃহ,ৰেষ্টুৰেণ্ট, আৰু উৎপাদন গিৰ গাই কৰে মূখ্য কৰি প্ৰায় তিনিশ বিদেশী গাই, লগত আমাৰ স্থানীয় প্ৰায় চাৰিশ গৰু, চবৰে গাত আগদিনা লগোৱা হালধি, নতূন পঘা ।
"নিলগত গাহৰি গৰাল দেশী বিদেশী প্ৰজাতিৰ প্ৰায় ছয়শ গাহৰি,বিভিন্ন ছাগলী, হাঁহ,ৰাজহাঁহ, আৰু মৎস্য উৎপাদন ৰ বাবে বিলৰ লেখিয়া অগনন পুখুৰী, আৰু চকুৰে মনিব নোৱাৰা কৃষিভূমি। সকলো চকুৰে প্ৰত্যক্ষ কৰি যেতিয়া আহাৰ খাবলৈ বঢ়িছো, শোধো নোশোধোকৈ মানুহজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছো, তেখেতে কৈ গ'ল যে কৰ্ম মুখী মন আমাৰ সমাজৰ সম্পদ,আমাৰ মাজত আছে বহু সম্ভাৱনা,আমি নতুন প্ৰজন্মক কৰ্মমুখী কৰিবই লাগিব,পথাৰ আমাৰ, বজাৰ আমাৰ, আমাৰ মাটিত আমাৰ অধিকাৰ সাব্যস্ত কৰিবই লাগিব।
"সংগঠিত ৰূপত কৃষিকাৰ্য ৰ জৰিয়তে নিবনুৱা সকলক কৰ্মমুখী তথা স্বাবলম্বী কৰাই আমাৰ উদেশ্য, নিয়োগ আৰু দক্ষ মানব সম্পদ নিৰ্মাণৰ লগতে সম্পদ উৎপাদন আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণ এইয়া ভাষন বা শ্ল'গান নহয় , এইয়া সময়ৰ আহ্বান। আমি আমাৰ অৰ্থনৈতিক ভেটি দৃঢ় কৰাৰ লগতে আমাৰ সংস্কৃতিও আগুৱাই নিব লাগিব। দুগ্ধ উদ্যোগ,সৰিয়হ তেলৰ উদ্যোগ, পশুপালন,খাদ্য সংসাধন কেন্দ্ৰ, মৎস্য উৎপাদন ক্ষেত্ৰ।। এই বিশাল পথাৰ আৰু বজাৰৰ মাজৰে এইজন মানুহৰ কথা শুনি গলো চতিয়াৰ মানুহে তেখেতক জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি কৰোৱালে, বিহু গোৱালে, মই মাত্ৰ সাক্ষী হৈ ৰলো সময়ৰ।"
Comments