গুৱাহাটী, ১৯ এপ্রিলঃ গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) নিৰ্বাচনৰ বাবে গুৱাহাটি উচ্চ ন্যায়ালয় ২২ এপ্ৰিলত বন্ধ থাকিব।
অসম চৰকাৰে আগন্তুক ৱাৰ্ড নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগম (জিএমচি) অঞ্চলত ২২ এপ্ৰিল, ২০২২ তাৰিখে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে।
এন.আই. আইনৰ অধীনত এই ৰাজহুৱা বন্ধৰ বাবে গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰত বেংক, চাহ বাগিচা আৰু উদ্যোগ আদিকে ধৰি সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি এক চৰকাৰী জাননীত উল্লেখ কৰা হৈছে।
ইপিনে, ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে মুঠ ২০৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই ভোটগণনা ২৪ এপ্ৰিলত অনুষ্ঠিত হ'ব।
লগতে কামৰূপ মহানগৰত মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰ আছে, যাৰ ভিতৰত ৩ লাখ ৯৬ হাজাৰ ৮৯১ জন পুৰুষ ভোটাৰ আৰু ৩ লাখ ৯৯ হাজাৰ ৯১১ গৰাকী মহিলা ভোটাৰ আৰু ২৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ভোটগ্রহণৰ বাবে ৭৮৯ টা ভোটকেন্দ্ৰ থাকিব।
Comments