Cartoon
View Older
গুৱাহাটী, ১৯ এপ্ৰিলঃ কামৰূপ মহানগৰ উপায়ুক্তই গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ আৰু ভোটগণনা অৰ্থাৎ ২৪ এপ্ৰিল ২০২২ তাৰিখে ড্ৰাই দে' ঘোষণা কৰিছে।
এই ড্ৰাই দে' ২০ এপ্ৰিলৰ আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪.৩০ বজালৈ কাৰ্যকৰী হৈ থাকিব। লগতে ২৪ এপ্রিলত একে নিয়ম কাৰ্যকৰী হ'ব।
ড্ৰাই ডে'ৰ সময়ত মহানগৰীৰ সকলো সুৰাৰ বিপণী, বাৰ আদি থাকিব। লগতে, এই সময়ছোৱাত, কোনো ব্যক্তিয়ে লগত সুৰা ৰাখিলে প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Comments