গুৱাহাটী,১৯ এপ্ৰিল:ৰঙালী বিহুৰ উছাহৰ মাজতে পুনৰ সশস্ত্ৰ সংগঠনলৈ গ’ল অসমৰ দুই তেজাল যুৱক।আলফা(স্বা)ত যোগদান কৰিলে দুই অসমীয়া যুৱক ক্ৰমে নৰেন মেচ আৰু পংকজ গগৈয়ে।১৮ এপ্ৰিলত আলফা (স্বা:) গোপন শিবিৰত উপস্থিত হয় যুৱক দুজন।
উল্লেখ্য যে নিষিদ্ধ সংগঠনত যোগদান কৰা দুই যুৱক পংকজৰ ঘৰ নাহৰকটীয়াত আৰু নৰেনৰ ঘৰ শিৱসাগৰত।তাৎপৰ্যপূৰ্ণ কথা দুদিন পূৰ্বে তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ-সভাপতি জনাৰ্দন গগৈয়ে যোগদান কৰিছিল আলফা (স্বা:)ত।
শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰা ৰাজ্যৰ একাংশীকৰি যুৱকে হাতত পুনৰ অস্ত্ৰ তুলি লৈ উভতিছে সহস্ৰ সংগ্রামলৈ।চলিত বর্ষতে বহু সংখ্যক যুৱক-যুৱতীয়ে যোগ দিছে আলফা(স্বা)ত।ইফালে নৱপ্ৰজন্মই পুনৰ আলফা(স্বা)ত যোগদান কৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক সমাজক।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো আলফা(স্বা) একাংশ নৱপ্ৰজন্মৰ যোগদান কৰা ঘটনা উদ্বেগৰ কাৰণ বুলিও প্ৰকাশ কৰিছে।
Comments