গুৱাহাটী, ২০ এপ্রিলঃ কিংবদন্তী ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড'ৰ এটি নৱজাতক যমজ সন্তানৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ক্ৰিষ্টিয়ানো ৰোনাল্ড'ৱে এটা ডাঙৰ সিদ্ধান্ত লৈছে। ৰোনাল্ড'ৰ নৱজাতক সন্তানৰ মৃত্যুৰ কথা ৰোনাল্ড' আৰু তেওঁৰ সংগী জৰ্জিনা ৰড্ৰিগেজে ঘোষণা কৰিছে।
পুত্ৰৰ মৃত্যুৰ বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ড'ৱে লিভাৰপুলৰ বিৰুদ্ধে ম্যানচেষ্টাৰ ইউনাইটেডৰ খেলখন খেলিব নোৱাৰিব। ইউনাইটেডে এক বিবৃতিত কয়, "পৰিয়াল সৰ্বোচ্চ ওপৰত আৰু ৰোনাল্ড'ৱে এই অতি কঠিন সময়ত তেওঁৰ প্ৰিয়জনৰ সৈতে থাকিব বিচাৰে।
সেয়েহে আমি নিশ্চিত কৰিব দিব খুজে যে তেওঁ মঙলবাৰে সন্ধিয়া এনফিল্ডত লিভাৰপুলৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰিব আৰু গোপনীয়তা বজাই ৰাখিবলৈ পৰিয়ালৰ অনুৰোধক আমি সন্মান জনাইছোঁ।"
ইপিনে, ক্ৰিষ্টিয়ানো ৰোনাল্ড'ৱে চিকিৎসকসকলক ধন্যবাদ জনাইছে। ৰোনাল্ড'ৱে চিকিৎসক আৰু নাৰ্চসকলক তেওঁলোকৰ সন্তানৰ ভাল যত্ন লোৱাৰ বাবে ধন্যবাদ জনাইছে। তেওঁ সামাজিক মাধ্যমত লিখিছে, "আমাৰ কেঁচুৱা সন্তানটিৰ জন্ম পোৱাই আমাক কিছু আশা আৰু সুখেৰে এই মুহূৰ্তটো জীয়াই থকাৰ শক্তি প্ৰদান কৰে।"
৩৭ বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ড' আৰু জৰ্জিনা ৰড্ৰিগেজৰ আলানা মাৰ্টিনা নামৰ এজনী কন্যা সন্তান আছে। ইয়াৰ উপৰিও, ৰোনাল্ড' যমজ সন্তান ইভা আৰু মাটেওৰ পিতৃ। একে সময়তে, তেওঁৰ পুত্ৰ ক্ৰিষ্টিয়ানো জুনিয়ৰৰ মাতৃ তেওঁৰ পূৰ্বৰ সঙ্গী।
ৰোনাল্ড' আৰু জৰ্জিনাই বিগত বৰ্ষৰ অক্টোবৰত কৈছে যে, "আমি যমজ সন্তানৰ পিতৃ-মাতৃ হ'বলৈ গৈ আছোঁ।" দুয়োজনে চিকিৎসালয়ৰ পৰা এখন ফটো শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰিছে। কিন্তু শেহতীয়াকৈ ইয়াৰে এজন পুত্ৰৰ মৃত্যু হৈছে।
Comments