গুৱাহাটী, ১৮ এপ্রিলঃ বলীউড অভিনেতা সঞ্জয় দত্তই বৰ্তমান তেওঁৰ নতুন ছবি 'কেজিএফ: চেপ্টাৰ ২'ৰ সফলতা উপভোগ কৰি আছে। বোলছবিখনে বক্স অফিচত যথেষ্ট উপাৰ্জন কৰিছে। ইফালে, সঞ্জয় দত্তই ড্ৰাগছৰ আসক্তিৰ সৈতে যুঁজি থকা দিনবোৰ মনত পেলাইছে। তেওঁ কৈছে যে, "মানুহে মোক এসময়ত ভাঙৰু বুলি মাতিছিল।"
সঞ্জয় দত্তৰ ব্যক্তিগত জীৱন কালচোৱা বহুটো উত্থান-পতনেৰে ভৰি আছে। অৱশ্যে, তেওঁ প্ৰায়ে ড্ৰাগছৰ আসক্তিৰ বিষয়ে মুকলিকৈ কয়। এক বিশেষ সাক্ষাৎকাৰৰ সময়ত সঞ্জয় দত্তই কয় যে, "মানুহে মোক এসময়ত ভাঙৰু বুলি মাতিছিল। এয়া সেই সময়ৰ কথা যেতিয়া মই নিচামুক্তি কেন্দ্র অৰ্থাৎ পুনৰ্সংস্থাপন কেন্দ্ৰৰ পৰা উভতি আহিছিলো। মোক মানুহে তেনেকৈ কোৱা স্বত্ত্বেও মই নিজকে শান্ত কৰি ৰাখি সুস্থিৰ ভাৱে জীৱন অতিবাহিত কৰিছিলোঁ।"
তেওঁ আৰু কৈছে যে, "মই মোৰ জীৱনৰ ১০ বছৰ কোঠাত আৰু বাথৰুমত অতিবাহিত কৰিছোঁ। মই শ্বুটিঙৰ প্ৰতি আগ্ৰহ হেৰুৱাইছিলোঁ, কিন্তু সেইখিনিয়ে জীৱনৰ শেষ কঠোৰতম সময় আছিল। তাৰ পিছত সকলো সলনি হৈ পৰে। যেতিয়া মই নিচামুক্তি কেন্দ্রৰ পৰা উভতি আহোঁ, মানুহে মোক ভাঙৰু বুলি মাতিবলৈ লয় আৰু মই ভাবো যে এইটো ভুল আছিল।
ৰাস্তাত খোজ কাঢ়ি থাকোঁতে মানুহে মোক এনেদৰে কয়। তাৰ পিছত মই ব্যায়াম কৰিবলৈ আৰম্ভ কৰিলোঁ। মই নিজকে সলনি কৰিব বিচাৰিছিলো আৰু তাৰ পিছত ভাঙৰুৰ পৰা এজন সুস্থ-সবল ব্যক্তি হৈ পৰিলো। মানুহে মোক দেখাৰ পিছত আচৰিত হৈ পৰিছিল।"
Comments