গুৱাহাটী, ১৮ এপ্রিলঃ স্কটলেণ্ডত ৪৮ গৰাকী মহিলাৰ বিৰুদ্ধে যৌন অপৰাধৰ বাবে এজন ভাৰতীয় বংশোদ্ভূত চিকিৎসকক দোষী সাব্যস্ত কৰা হৈছে। চিকিৎসকগৰাকীৰ বিৰুদ্ধে মহিলাসকলে অনুপযুক্তভাৱে স্পৰ্শ কৰা, অশ্লীল কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।
৭৪ বছৰীয়া সাধাৰণ চিকিৎসক ড০ কৃষ্ণ সিঙৰ বিৰুদ্ধে ৩৫ বছৰ ধৰি ৪৮ গৰাকী মহিলা ৰোগীৰ যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছে। আদালতে চিকিৎসকজনক মহিলা ৰোগীক 'চুম্বন' কৰা, অনুপযুক্তভাৱে স্পৰ্শ কৰা, অশালীন আচৰণ আদিৰ বাবে দোষী সাব্যস্ত কৰিছে।
বিশেষ প্ৰতিবেদন অনুসৰি, গ্লাছগো উচ্চ ন্যায়ালয়ত অনুষ্ঠিত শুনানিৰ সময়ত, ভাৰতীয় মূলৰ কৃষ্ণ সিঙক যৌন অপৰাধৰ ৫৪ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আদালতে অহা মাহত সিঙৰ শাস্তি ঘোষণা কৰিব। অধিবক্তা এঞ্জেলা গ্ৰেয়ে আদালতক কৈছে যে, "সিং মহিলাৰ বিৰুদ্ধে অপৰাধ কৰিবলৈ অভ্যস্ত আছিল। তেওঁ মহিলা ৰোগীসকলক অনুপযুক্তভাৱে স্পৰ্শ কৰি আহিছিল।"
এই সকলোবোৰ ঘটনা ১৯৮৩ আৰু ২০১৮ বৰ্ষৰ মাজত সংঘটিত হৈছে। সেই সময়ছোৱাত, ড০ কৃষ্ণ সিঙে তেওঁৰ ক্লিনিক, চিকিৎসালয় আৰু নৰ্থ লানাৰ্ক্সাৰ ৰোগীৰ ঘৰত এনে ধৰণৰ আচৰণ কৰি আহিছে। একে সময়তে, ড. সিঙে তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ মিছা বুলি কৈছে।
মন কৰিবলগীয়া যে চিকিৎসক হিচাপে সেৱা আগবঢ়াই অহা ড০ সিঙৰ বিশেষ অৱদানৰ বাবে তেওঁক ৰয়েল মেম্বাৰ অৱ দা অৰ্ডাৰ অফ দ্য ব্ৰিটিছ এম্পায়াৰ (এমবিই) উপাধি প্ৰদান কৰা হৈছে।
ইপিনে, এই গোটেই বিষয়টো পোহৰলৈ অহাৰ পিছত ২০১৮ চনত এগৰাকী মহিলাই ড০ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ইয়াৰ পিছত গোচৰটোৰ তদন্ত আৰম্ভ হয়, তাৰ পিছত এটাৰ পিছত এটা গোচৰ আহিয়ে থাকে।
আদালতে ড০ কৃষ্ণ সিঙক ৫৪ টা গোচৰত দোষী সাব্যস্ত কৰিছে। অৱশ্যে, শাস্তিটো অহা মাহত ঘোষণা কৰা হ'ব। বৰ্তমান, সিঙক তেওঁৰ পাছপোৰ্ট দাখিল কৰাৰ চৰ্তৰ সৈতে জামিনত মুকলি কৰা হৈছে।
Comments