গুৱাহাটী,২১ এপ্ৰিল:প্ৰথমটো ল'ৰা সন্তান জন্ম দিয়া কাজল আগৰৱাল আৰু তেওঁৰ স্বামী গৌতম কিচ্চলুৱে তেওঁলোকৰ সন্তানৰ নাম ৰাখিলে নীল কিচ্চলু।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সন্তান জন্মৰ অভিজ্ঞতাৰ ওপৰত এটা দীঘলীয়া আৰু আৱেগিক টোকাও লিখিছিল। “মোৰ কেঁচুৱা নীলক এই পৃথিৱীলৈ স্বাগতম জনাই উৎসাহিত আৰু উৎফুল্লিত। আমাৰ জন্ম আনন্দদায়ক আৰু অত্যধিক দীঘলীয়া আছিল তথাপিও এয়া আমাৰ বাবে আটাইতকৈ সন্তোষজনক অভিজ্ঞতা!"
তেওঁ লগতে কয়, “সেই মুহূৰ্তত মোক প্ৰেমৰ গভীৰ সম্ভাৱনা বুজিবলৈ বাধ্য কৰাইছিল, মোক যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰাইছিল আৰু মোৰ শৰীৰৰ বাহিৰত মোৰ হৃদয়ৰ দায়িত্ব উপলব্ধি হৈছিল।"কাজল আৰু গৌতমে ২০২০ চনৰ অক্টোবৰত মুম্বাইত বিবাহ পাশত আৱদ্ধ হৈছিল।
কাজলে জানুৱাৰীত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল আৰু তেতিয়াৰে পৰা ইয়াৰ বিষয়ে ফটো পোষ্ট কৰি আছে। কাজলক চিৰঞ্জীৱী আৰু ৰাম চৰণ অভিনীত অনাগত চলচ্চিত্ৰ 'আচাৰ্য'ত দেখা পোৱা যাব।
Comments