গুৱাহাটী,২১ এপ্ৰিল:প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ল গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী । উল্লেখ্য যে ১৯ এপ্ৰিলত অসমৰ কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা অসম আৰক্ষীয়ে গুজৰাটৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰে ।
গুজৰাটত উপস্থিত হোৱা অসম আৰক্ষীৰ দলে জিগনেশ মেৱানীক নিশা প্ৰায় ১১.৩০ বজাত গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে পুৱা বিমান যোগে গুৱাহাটীলৈ আনে আৰু গুৱাহাটীৰ পৰা অতি সংগোপনে কোকৰাঝাৰলৈ লৈ যায় । লক্ষণীয় বিষয় যে টুইটাৰত কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত এদিনৰ পাছতে বহিঃৰাজ্যৰ এগৰাকী জনপ্ৰতিনিধিক নিশা গ্ৰেপ্তাৰ কৰি পিছদিনা অসমলৈ অনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই ঘটনাক সহজভাৱে লোৱা নাই কংগ্ৰেছ দলে । ইফালে, এগৰাকী বিধায়কক এনেদৰে গ্ৰেপ্তাৰ কৰাক লৈ কেতবোৰ প্ৰশ্নৰো অৱতাৰণা হৈছে । এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে, অসমতে বহু মন্ত্রী-বিধায়ক তথা ৰাজনৈতিক নেতাৰ বিৰুদ্ধে অজস্ৰ গোচৰ ৰুজু হৈ আছে । সেই গোচৰ সমূহৰ ক্ষেত্রত কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই ।
সামাজিক মাধ্যমত কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত ৰুজু হোৱা গোচৰ এটাৰ ক্ষেত্রত আৰক্ষীয়ে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিলে । তেওঁ কয় যে, এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্রত কেতবোৰ প্ৰক্ৰিয়া আছে । বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্রত প্ৰথমে সংশ্লিষ্ট বিধানসভাৰ অধ্যক্ষৰ অনুমতি ল'ব লাগে । আনহাতে, গ্ৰেপ্তাৰ কৰাৰ পাছত বিধায়কজনক অন্য ৰাজ্যলৈ নিয়াৰ ক্ষেত্রত প্ৰথমে সংশ্লিষ্ট স্থানৰ আদালতৰ অনুমতি সাপেক্ষে ট্ৰানজিত ৰিমাণ্ডত আনিব লাগে ।তাৰ পিছত গোচৰ ৰুজু হোৱা সংশ্লিষ্ট জিলাৰ আদালতত হাজিৰ কৰাব লাগে ।
এইখিনিতে প্ৰশ্ন হয় যে, গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ ক্ষেত্রত সংশ্লিষ্ট আইনী বিধি পালন কৰা হৈছে নে নাই । ইফালে অভিযোগ অনুসৰি বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কোনো ধৰণৰ সঠিক তথ্য দিয়া হোৱা নাছিল ।
অধিবক্তাগৰাকীয়ে কয় যে, এনেধৰণৰ লাখ লাখ গোচৰ ৰুজু হৈ আছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এইক্ষেত্রত ৰাজনৈতিক উদ্দেশ্য জড়িত থাকিব পাৰে বুলি তেওঁ সদৰি কৰে । টুইট কৰোতেই যদি গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনে হলে ইয়াত ক'ত গণতন্ত্ৰ আছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । আনহাতে কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক ৰাজনৈতিক উদ্দেশ্যত চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে ।উল্লেখ্য যে, জিগনেশ মেৱানীক বুধবাৰে পালনপুৰৰ চাৰ্কিট হাউচৰ পৰা নিশা প্ৰায় ১১.৩০ বজাত অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰা সন্দৰ্ভত কোকৰাঝাৰত এজন লোকে জিগনেশ মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।
তাৰেই ভিত্তিত অসম আৰক্ষীয়ে বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ অনিছে । বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া গুজৰাটৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মন কৰিব লগীয়া যে, চলিত বছৰতে ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।
Comments