গুৱাহাটী,২২ এপ্ৰিল:‘আৰ.আৰ.আৰ’ (RRR)য়ে এই মুহূৰ্তত ভাৰতবৰ্ষৰ ছবিগৃহসমূহ কঁপাই তুলিছে। একে সময়তে, মুখ্য অভিনেতা ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে ছবিখনৰ মুক্তিৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণে ভাইৰেল হৈ গৈ আছে। আৰ.আৰ.আৰ. য়ে বক্স অফিচ কালেকচনৰ ক্ষেত্ৰত, ই বিশ্বজুৰি ১০০০ কোটি টকাৰ অধিক ব্যৱসায় কৰিছে।
শেহতীয়াকৈ ছবিখনৰ মুখ্য অভিনেতা গৰাকীৰ বিষয়ে এটা বাতৰি ওলাইছে। দৰাচলতে, ছবিখনৰ সফলতাৰ কথা বিবেচনা কৰি জুনিয়ৰ এনটিআৰে হনুমান দীক্ষা গ্ৰহণ কৰিছে।জানিব পৰা মতে, অভিনেতা গৰাকীয়ে ২১ দিন খালি ভৰিৰে থাকিব আৰু এই সময়ত অভিনেতাজনে সাত্বিক খাদ্যও গ্ৰহণ কৰিব৷ ইয়াৰ পূৰ্বে, অভিনেতা ৰাম চৰণে ছবিখনৰ মুক্তিৰ পিছত সবৰীমালা মন্দিৰলৈ গৈ দীক্ষা লৈছিল৷ এনটিআৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত তেওঁক গেৰুৱা ৰঙৰ কুৰ্তা-পায়জামা, ডিঙিত মালা আৰু কপালত তিলক লগোৱা দেখা গৈছে।
Comments