গুৱাহাটী,২২ এপ্ৰিল:বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা শেহতীয়াকৈ পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰি আছিল। অৱশ্যে তাৰ কিছু সময়ৰ পিছত, তেওঁক কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হয়।কেইদিনমান পূৰ্বে ৰাজ কুন্দ্ৰাক এক অদ্ভুত মুখা পিন্ধা দেখা গৈছিল,তেওঁ উক্ত বেশেৰে ৰাজহুৱা স্থানলৈ আহিছিল।আকৌ এবাৰ ৰাজ কুন্দ্ৰাক এক ব্যতিক্ৰমী পোছাকত বিমানবন্দৰত দেখা গৈছিল। তেওঁ এটা নীলা জেকেট পিন্ধি আছিল যিটো অলপ বেলেগ ধৰণৰ আছিল।
এই জেকেটটোৰ বিশেষত্ব আছিল যে ইয়াত মুখা আৰু চশমাযোৰ জেকেটৰ ভিতৰত খাপ খায়। তেওঁৰ এই বিচিত্ৰ ৰূপ দেখি তাত থকা সকলো লোকে হুলস্থুলৰ সৃষ্টি কৰিছিল যাক চাই ৰাজ কুন্দ্ৰাইও নিজৰ হাঁহি ৰখাব নোৱাৰিলে।শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাএই জেকেটটো “কৌই মিল গেয়া” ছবিখনৰ যাদুৱে পিন্ধা পোছাকযোৰৰ দৰে। এইটো দেখি, সকলোৰে মনোযোগ তেওঁৰ প্ৰতি আকৰ্ষিত হয়।
Comments