গুৱাহাটী, ২০ এপ্রিলঃ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থা-গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ উদ্বোধনী অনুষ্ঠানত গুজৰাটী ভাষাতে প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপস্থিত থকা ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে।
টেড্ৰোছে কয় যে, "আমি আৰম্ভ কৰি থকা বিশ্ব স্বাস্থ্য সংস্থা-গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনে প্ৰমাণ-আধাৰিত পৰম্পৰাগত ঔষধ নিৰ্মাণ শক্তিশালী কৰিবলৈ বিজ্ঞানৰ শক্তি ব্যৱহাৰ কৰাত সহায় কৰিব। এই গুৰুত্বপূৰ্ণ পদক্ষেপক সমৰ্থন কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ।"
বিশ্ব স্বাস্থ্য সংস্থাৰ ডিজি টেড্ৰোছে আৰু কৈছে যে, "বিশ্ব স্বাস্থ্য সংস্থা-গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন কোনো কাকতালীয় ঘটনা নহয়। মোৰ ভাৰতীয় শিক্ষকসকলে মোক পৰম্পৰাগত ঔষধৰ বিষয়ে ভালদৰে শিকাইছে আৰু মই বহুত কৃতজ্ঞ। লগতে মই 'বলীউড' চিনেমা চাই ডাঙৰ হৈছোঁ আৰু মই বুজি পাও যে চুইছ আল্পছ (Swiss Alps) 'বলীউড' অনুৰাগীসকলৰ বাবে এখন প্ৰিয় ঠাই।"
ইপিনে, কাৰ্যসূচীত তেওঁ কয় যে, "অন্তৱৰ্তীকালীন কাৰ্যালয় আৰু পৰিচালনা ব্যয়ৰ প্ৰতি ১০ বছৰীয়া প্ৰতিশ্ৰুতিৰে কেন্দ্ৰটো স্থাপনৰ বাবে ২৫০ নিযুত আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছোঁ। মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰা দিনৰ পৰাই মোদীৰ প্ৰতিশ্ৰুতি আশ্চৰ্যজনক আছিল আৰু মই জানিছিলো যে এই কেন্দ্ৰটো ভালদৰে পৰিচালিত হৈ থাকিব।"
Comments