গুৱাহাটী,২০ এপ্ৰিল:নিজে পঢ়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হল প্ৰখ্যাত কণ্ঠশিল্পী অৰিজিত সিং।পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ যিখন বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, সেই বিদ্যালখনৰে পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব লাভ কৰি নষ্টালজিক হৈ পৰে কণ্ঠশিল্পী গৰাকী।
উল্লেখ্য যে, সফলতাৰ শিখৰ চুমিও শিপা নাপাহৰা অৰিজিত সিঙে তেওঁৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল জিয়াগঞ্জ ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ পৰা।বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপংকৰ ভট্টাচাৰ্যই কয় যে অৰিজিতে ৰাজ্য চৰকাৰৰ অনুমতিত বিদ্যালয়খনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে।
তেওঁ সংবাদ মাধ্যমক লগতে কিয় যে বিদ্যালয়খনৰ উন্নয়ন সম্পৰ্কে অৰিজিতৰ সৈতে আলোচনা চলি আছে।চেলিব্ৰেটি হৈও সাধাৰণ জীৱন যাপন কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ পুত্ৰকো গৃহ জিলাৰ এখন সাধাৰণ বিদ্যালয়তে পঢ়ুৱাইছে।
Comments