গুৱাহাটী,২০ এপ্ৰিল:পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী মৰ্চাক নেতৃত্ব দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ৷ আনহাতে কংগ্ৰেছ নেতাসকলৰ একাংশ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে নিজৰ মাজতেই যুঁজিবলৈহে অধিক আগ্ৰহী, এই দাবী তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাৰ । দেওবাৰে টিএমচিত যোগদান কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই অভিযোগ কৰে যে, অসমত কংগ্ৰেছৰ কেইবাজনো নেতাই বিজেপিৰ সৈতে মিত্ৰতা ৰাখি কাম কৰি আছে ।
সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, "বিজেপি দলটো সংবিধান, গণতন্ত্ৰ আৰু ইয়াৰ উপৰিও আমাৰ দেশৰ অৰ্থনীতিৰ বাবে ভাবুকি" ৷ "কংগ্ৰেছ হৈছে এটা বিয়াগোম তথা পুৰণি দল, বিজেপিৰ বিৰুদ্ধে যুঁজত এই দলটোৱে নেতৃত্ব দিব লাগিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন ৰাজ্যত ইয়াৰ নেতাসকলে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সলনি ইজনে সিজনৰ বিৰুদ্ধে যুঁজি আছে'' ।২০১৬ চনত অসম কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰা বৰাই দাবী কৰিছিল যে তেওঁ দলটোক এনে এক স্থিতিলৈ আনিবলৈ সক্ষম হৈছিল য'ত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত চৰকাৰ গঠন কৰিব বুলি মানুহে আশা কৰিছিল । অৱশ্যে, অন্তঃকন্দলৰ বাবে মানুহে তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাইছিল বুলিও স্বীকাৰ কৰে বৰাই ।
Comments