গুৱাহাটী, ২৫ এপ্রিলঃ এজন ফুটবল খেলুৱৈ যিয়ে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সময়ত কাৰিকৰীভাৱে দুবাৰকৈ মৃত্যুবৰণ কৰিছে, লগতে তেওঁ অস্ত্ৰোপচাৰৰ আগতে প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ দিয়ে। কিয়নো, তেওঁ ভয় কৰিছে যে তেওঁৰ বুকুত নতুনকৈ হৃদযন্ত্ৰ সংৰোপণ কৰা ফলত তেওঁ নিজৰ প্ৰেমিকাৰ প্ৰতি প্ৰেমৰ অনুভূতি ব্যক্ত কৰিব পাৰিব নে নাই।
বিশেষ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, এই ব্যক্তিজনৰ নাম ব্ৰুকলিন পিকমেন। তেওঁৰ বয়স এতিয়া ২০ বছৰ। যেতিয়া তেওঁ হৃদৰোগত আক্ৰান্ত হয়, তেওঁ কাৰিকৰীভাৱে ১৭ মিনিটৰ বাবে মৃত্যুবৰণ কৰে আৰু পিছত অস্ত্ৰোপচাৰৰ সময়ত ক'মালৈ যায়।
হৃদৰোগৰ আক্ৰমণৰ পিছত, চিকিৎসকসকলে কয় যে, ব্ৰুকলিনৰ অস্ত্ৰোপচাৰ হ'ব আৰু যিমান সম্ভৱ সোনকালে হৃদযন্ত্ৰটো সংৰোপণ কৰিব লাগিব। তেওঁ এই কথা শুনি ভয়তে ভীতিগ্ৰস্ত হৈ পৰে।
ব্ৰুকলিন পিকমেনৰ প্ৰেমিকা এলি স্পেন্সাৰ, তেওঁৰ বয়স ১৮ বছৰ। তেওঁ ব্ৰুকলিনৰ লগতে মাকৰ সৈতে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ঘৰত বাস কৰি আহিছে। ব্ৰুকলিনে এলীক বহুত ভাল পায়। অসুস্থতাৰ সময়ত, এলিয়ে ব্ৰুকলিনৰ সংগ এৰি যোৱা নাই আৰু অস্ত্ৰোপচাৰৰ আগতে ব্ৰুকলিনে এলিক প্ৰেমৰ বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছে।
ব্ৰুকলিনে এই সন্দৰ্ভত কৈছে যে, "যেতিয়া মোক কোৱা হয় যে মই হৃদযন্ত্ৰ সংৰোপণ কৰিব লাগিব, মই এলীক কওঁ যে আমি বিয়া কৰাই লোৱাটো ভাল হ'ব। কিয়নো অস্ত্ৰোপচাৰৰ পিছত যদি মোৰ নতুন হৃদয়ে তাইক ভাল নাপায় বা এনে হ'ব পাৰে যে নতুন হৃদয়ত প্ৰেমিকা এলিৰ প্ৰতি পুৰণি হৃদয়ৰ দৰে সিমান মৰম নাথাকিব।
এইবাবে অস্ত্ৰোপচাৰৰ আগতে মই বহুত অস্থিৰ হৈ পৰোঁ। মই এলীক যিমান সম্ভৱ সোনকালে মোৰ পত্নী কৰি ল'ব বিচাৰিছিলোঁ।"
তাৎপৰ্যপূৰ্ণভাৱে, ব্ৰুকলিনে প্ৰেষ্টেটিন টাউনৰ হৈ ফুটবল খেলিছে। জন্মৰ পৰাই তেওঁৰ হৃদৰোগৰ সমস্যা আছে। জন্মৰ এদিনৰ ভিতৰতে তেওঁৰ দুটা অস্ত্ৰোপচাৰ হৈছে।
তেওঁৰ হৃদযন্ত্ৰৰ দুডাল মুখ্য ৰক্তনলী ভুলকৈ সংলগ্ন হৈ আছে, যাৰ ফলত তেজৰ চলাচল ভুল দিশে প্ৰবাহিত হয়।
Comments