সোণাৰি, ২৩ এপ্ৰিল : কালি বিয়লিৰে পৰা দি থকা বৰষুণৰ ফলত বান সদৃশ পৰিবেশৰ সৃষ্টি হৈছে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত। সোণাৰি পৌৰসভা আৰু নগৰ উন্নয়ন প্ৰাধিকৰণৰ অকৰ্মণ্যতাৰ ফলস্বৰূপে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হৈ গৰিষ্ঠ সংখ্যক ৱাৰ্ডৰ লগতে নগৰখনৰ একাধিক পথৰ ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে বুৰাই পেলোৱাৰ ফলত নগৰখনৰ বাসিন্দা সকলৰ জীৱন যাত্ৰা একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।
নগৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, কাৰ্যালয়, বাসগৃহ আদিত বৰষুণৰ পানীয়ে বুৰাই বিস্তৰ ক্ষতি সাধন কৰিছে। কৃত্ৰিম বানত নগৰখনত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় দৰ্জিপট্টি, ভৱানীপুৰ, শান্তিপূৰ, পাৰ্বতিপুৰ, সোণাপুৰ, সেউজীপাম আদি অঞ্চলৰ ৰাইজ । সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণৰ বাসগৃহ, বাৰীত বৰষুণৰ পানী সোমাই জন জীৱন ব্যাহত কৰি তুলিছে ।
উল্লেখযোগ্য যে নগৰখনত উপযুক্তভাবে পানী নিষ্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ। নগৰৰ ৰাজপথৰ দুই কাষে বিজ্ঞান সন্মত নলা-নৰ্দমা নথকাৰ বাবে তদুপৰি যিখিনি তথাকথিত নলা-নৰ্দমা আছে সেইবোৰ দীৰ্ঘদিন ধৰি চফা নকৰাৰ বাবেই এনেদৰে নগৰখনত কৃত্ৰিম বান সৃষ্টি হৈ আহিছে।
বৰষুণৰ পানীয়ে নলা নৰ্দমা সমূহৰ লগতে কৰদাতা ৰাইজৰ ঘৰ বাৰী উপচাই পেলোৱাৰ ফলত নানা বেমাৰৰ সৃষ্টিকাৰী বীজাণু আৰু মহৰ বংশ বৃদ্ধি কৰাৰ সম্ভাৱনাই দেখা দিছে। পূৰ্বৰ পৌৰসভা কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবে ৰাইজে নৰক যন্ত্ৰনা ভোগ কৰিব লগা হোৱাত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে।
Comments