গুৱাহাটী,২৪ এপ্ৰিল:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নতুন নীতি-নিয়ম আৰোপ কৰাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী সচিবৰ কাৰ্যালয় দুৱাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে।এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতাই কয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা নকৰাকৈ কিছুমান নতুন নিয়ম একপক্ষীয়ভাৱে জাপি দিছে। যিবোৰ নিয়ম সম্পূৰ্ণভাৱে স্বৈৰাচাৰী বুলি অভিযোগ উত্থাপিত হৈছে । এই নিয়মসমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো পধ্যে মানি নলয় বুলি জানিবলৈ দিছে ।
উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ আবাসীসকলৰ ওপৰত আৰোপ কৰা নতুন নীতি-নিয়মসমূহ হ'ল, ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ আবাসীসকলে কুকুৰক কোনো পেলনীয়া খাদ্য খুবাব নোৱাৰিব, আবাসত অতিথি থাকিলে ৪৮ ঘন্টাৰ আগতে জনাব লাগিব, আবাসত ভাত নাখালে তিনিদিন আগতে জনাব লাগিব, আবাসত কোনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অতিথি হিচাপে থাকিব নোৱাৰিব ইত্যাদি । ইপিনে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক বিকি শৰ্মাই কয় যে, বিশ্ববিদ্যালয়খনত বহুত সমস্যা আছে ।
ছাত্ৰ-ছাত্ৰীৰ আবাসত বিজ্ঞানসন্মত নলা-নৰ্দমা নাই ।এজাক বৰষুণতেই ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ চৌহদ জলমগ্ন হৈ পৰে । ৰাস্তাত কৃত্ৰিম বান হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ আৰ.চি.চি ৫ আৰ ৮ নং ছাত্ৰী নিবাসৰ ছাত্ৰীসকল ক্লাছলৈ অহা যোৱা কৰাত অসুবিধা হয় । এইবোৰ সমস্যাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবাদৰ মাজেৰে এই সমস্যাবোৰ শীঘ্ৰেই সমাধান কৰাৰ দাবী তুলি এখন স্মাৰক পত্ৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰদান কৰে । বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ প্ৰতিবাদৰ অন্তত মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ অধীক্ষকক পদৰ পৰা অব্যাহতি লোৱাৰ বাবে আহ্বান জনায়।
Comments