গুৱাহাটী,২৪ এপ্ৰিল:পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ অজুহাত দেখুৱাই ৰাজ্যৰ গৰিষ্ঠসংখ্যক যাত্ৰীবাহী বাছে নিয়ম বহিৰ্ভূতভাৱে যাত্ৰীৰ পৰা অত্যাধিক বাছ ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াভাৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে কিছুদিন পূৰ্বে সদৌ অসম মটৰ পৰিবহন সন্থাই যাত্ৰীবাহী বাছৰ বাছ ভাৰাৰ বাবে অসম ৰাজ্যিক পৰিবহন বিভাগক আৱেদন কৰিছিল ।কিন্তু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যাত্ৰীবাহী যান-বাহনৰ ভাৰা বৃদ্ধি মানি লোৱা নহ'ব বুলি কেইদিনমান পূৰ্বে ঘোষণা কৰিছিল যদিও সেই ঘোষণা অসাৰ বুলি প্ৰমাণিত হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন পথত চলা যাত্ৰীবাহী বাহনে যাত্ৰীৰপৰা পূৰ্বতকৈ বেছি পৰিমাণৰ ভাৰা আদায় কৰি আছে ।
উল্লেখ্য যে যোৱা ৪ এপ্ৰিলত সদৌ অসম মটৰ পৰিবহন সন্থাই পৰিবহন আয়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি ইন্ধনকে ধৰি যানবাহনৰ বিভিন্ন সামগ্ৰীৰ দামবৃদ্ধিৰ বাবে যাত্ৰীভাৰা বৃদ্ধিৰ দাবী কৰিছিল ।প্ৰাপ্ত তথ্য মতে, এতিয়া জালুকবাৰীৰপৰা পাঠশালালৈ বাছেৰে গ'লে পূৰ্বৰ ৮০ টকাৰ সলনি ১০০ টকা, জালুকবাৰীৰ পৰা ভৱানীপুৰলৈ ১২০ টকাৰ সলনি ১৪০ টকা, জালুকবাৰীৰ পৰা ভৱানীপুৰলৈ ১৪০ টকাৰ সলনি ১৬০ টকা, নলবাৰীলৈ পূৰ্বৰ ৬০ টকাৰ সলনি ৮০ টকা, জালুকবাৰীৰপৰা তামুলপুৰলৈ ৮০ টকা আদায় লৈ আছে।গুৱাহাটীৰপৰা শিৱসাগৰলৈ ( নন এ চি) যাত্ৰীবাহী বাছেৰে গ'লে এতিয়া একোজন ব্যক্তিয়ে আদায় দিব লাগে ৬০০ টকা । l
ইপিনে গুৱাহাটীত চিটী বাছত উঠিলেই এতিয়া ১০ টকা ভাৰা আদায় দিব লাগে। আদাবাৰীৰপৰা নাৰেংগীলৈ পূৰ্বৰ ৩০ টকাৰ সলনি ৪০ টকা বাছ ভাৰা আদায় দিবলগীয়াত পৰিছে যাত্ৰীয়ে । আদাবাৰীৰপৰা উজানবজাৰলৈ চিটী বাছত ভাৰা দিব লাগে ২০ টকা । একে সময়তে গুৱাহাটীত মেজিকত অহা-যোৱা কৰা যাত্ৰীসকলেও পূৰ্বৰ তুলনাত অধিক ভাৰা আদায় দিবলগীয়াত পৰিছে ।উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা পৰিবহন অধ্যক্ষ পল্লৱ গোপাল ঝাই এই ক্ষেত্ৰত ব্যৱস্থা লোৱা বুলি ঘোষণা কৰিছিল যদিও জিলা পৰিবহন অধ্যক্ষ পল্লৱ গোপাল ঝাই ঘোষণা ঘোষণাতে ৰৈ থাকিল । সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত এতিয়া অধিক ভাৰ দি যাত্ৰা কৰিবলগীয়াটো সাধাৰণ মানুহৰ বাবে যথেষ্ট কষ্টকৰ হৈ পৰিছে ।
Comments