গুৱাহাটী,২৪:এপ্ৰিল:পুনৰ কর্ণাটকত হিজাব বিতর্ক তুংগত । তথ্য অনুসৰি দ্বাদশ শ্রেণীৰ ক্লাছৰ এটা পৰীক্ষা দিয়াত বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছে । ক্লাছৰ দুগৰাকী ছাত্রীয়ে হিজাব পৰিধান কৰি পৰীক্ষা কেন্দ্রত প্রৱেশ কৰিব লোৱাত বাধা দিয়া হয় ৷জি মিডিয়াৰ ৰিপ’র্ট অনুসৰি, উদুপিৰ বিদোদয়া পিউ কলেজত এই ঘটনাটো সংঘটিত হৈছে । কর্ণাটকত অত্যন্ত কঠোৰ সুৰক্ষাৰ মাজত এই পৰীক্ষা হয় । প্রায় ৬.৮৪ লাখ পৰীক্ষার্থীয়ে এই পৰীক্ষা দিছে । সেই সময়ত কোৱা হয়, হিজাব খুলি পৰীক্ষা হলত প্রৱেশ কৰিব লাগিব । সেই নির্দেশ পালন নকৰে দুগৰাকী ছাত্রীয়ে । বৰঞ্চ প্রতিবাদস্বৰূপে, দুয়ো ছাত্রীয়ে পৰীক্ষা নিদি বাহিৰলৈ গুচি যায় ।
কর্ণাটকৰ শিক্ষামন্ত্রী বিচি নাগেশে ইয়াৰ আগতে ঘোষণা কৰিছিল যে হিজাব পৰিধান কৰা শিক্ষার্থীসকলক PUC পৰীক্ষাত বহিবলৈ দিয়া নহ’ব । পৰীক্ষাৰ সময়ত কর্মচাৰীসকলকো হিজাব পৰিধান কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । হিজাব বিতর্কৰ মাজতে সফলভাৱে SSLC (দশম শ্রেণী) পৰীক্ষা পৰিচালনা কৰাৰ পাছত, কর্ণাটক চৰকাৰে বৃহস্পতিবাৰৰ পৰা ১৮ মে’ পর্যন্ত গুৰুত্বপূর্ণ PUC পৰীক্ষা আয়োজন কৰিছে ।
Comments