গুৱাহাটী,২২ এপ্ৰিল:বিহুৰ বতৰতো ৰাজ্য চৰকাৰে তেওঁলোকৰ এক লক্ষণীয় সংখ্যক বিষয়া-কৰ্মচাৰীক দৰমহা দিব নোৱাৰা কথাই আজি চৰকাৰৰ বিত্তীয় পৰিস্থিতিক লৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।
দিছপুৰ সচিবালয়ৰ বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, ৰাজ্য চৰকাৰে ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত হোৱা ব্যয়ৰ বিপৰীতে আজিও এক বৃহৎ পৰিমাণৰ পুঁজি চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰক পৰিশোধ কৰিবলৈ বাকী আছে । এই পুঁজিৰ পৰিমান তিনিহেজাৰ কোটিৰো অধিক হ'ব বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে । অৰ্থাৎ ২০২১ চনৰ ১০ মে'ত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ খন গঠিত হোৱাৰ পাছত মূলতঃ পথ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁঠনি কেন্দ্ৰিক ঠিকাৰ নামত যি আৱন্টন দিছিল তাৰ প্ৰায় পঞ্চাছ শতাংশ ধন আজি পৰ্যন্ত মোকলাই দিয়া হোৱা নাই ।
আনহাতে, চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত এক লাখ নতুন নিযুক্তিৰ এক অভিলাসী অভিযান আৰম্ভ কৰিছে । ইতিমধ্যে, বিভিন্ন বিভাগত ২৬ হাজাৰ পদৰ বিপৰীতে বিজ্ঞাপনো প্ৰকাশ কৰিছে। কিন্তু এনে তৎপৰতাৰ বিপৰীতে অতি লক্ষণীয়ভাৱে চৰকাৰে কেইবাটাও বিভাগৰ কৰ্মচাৰীক ৰঙালী বিহুৰ সময়তো মাহিলী দৰমহা দিব পৰা নাই । তথ্য অনুসৰি এই সময়ত বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ দহ হেজাৰ বিষয়া-কৰ্মচাৰীক দৰমহা দিব পৰা নাই ।
একেদৰে, চৰকাৰে যোৱা আঠ মাহ ধৰি মাহিলী দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ বিভাগৰ অধীনৰ আৰ্টফেডৰ ১৭০ গৰাকী বিষয়া কৰ্মচাৰী । আৰ্টফেডৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেণ নাথে সাংবাদিকক জনোৱা মতে, আৰ্টফেডৰ কৰ্মচাৰী সকলেই যে মাহৰ পিছত মাহ ধৰি দৰমহা পোৱা নাই এনে নহয় । এই ৰাজহুৱা খণ্ডৰ সমবায় খনৰ মজিয়াত একত্ৰিত হৈ থকা কেইবাহাজাৰো শিপিনীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।চৰকাৰে এই কথা চাই আছে নীৰৱে । কেৱল সেয়ে নহয়, এই বিহুৰ বতৰত ৰাজ্যৰ ৪৫৭৫ গৰাকী ঠিকা ভিত্তিক শিক্ষাৰ্থীয়েও নাপালে মাহৰ দৰমহাৰ নিৰ্ধাৰিত টকা কেইটা । আনহাতে, ৰাজ্য চৰকাৰৰ অধীনত থকা মীন উন্নয়ন নিগম, অসম বীজ নিগম, অসম বিত্ত নিগম, বেচা -কিনা নিগম আদিকৈ প্ৰায় ভাগ নিগম-নিকায়ৰে বিত্তীয় অৱস্থা তথৈবচ । বেচা-কিনা নিগমৰ ৪০ গৰাকী কৰ্মচাৰীয়ে পোৱা নাই যোৱা কেইবামাহো দৰমহা ।
Comments