গুৱাহাটী,২২ এপ্ৰিল:বিগত এটা বছৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত হোৱা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰভাৱত এইবাৰ ৰাজ্যখনৰ পৌৰসভাৰ লগতে পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।
এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ খুবেই আশাবাদী মন্ত্ৰী অতুল বৰা।তেওঁ কয়,"এতিয়া আৰু কংগ্ৰেছ নচলে সেয়ে সকলোৱে কংগ্ৰেছ এৰিব বিচাৰিছে । প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই পদত্যাগ কৰাৰ পাছতে বহুকেইজন কংগ্ৰেছ নেতা কমদিনৰ ভিতৰতে দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিব।"
মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মন্ত্ৰীগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসম গণ পৰিষদক লৈ অপপ্ৰচাৰ কৰাৰো অভিযোগ কৰে । কংগ্ৰেছ নেতা অসম গণ পৰিষদলৈ অহা বিষয়টো সংবাদ মাধ্যমতহে শুনা বুলি কয় অগপৰ সভাপতিগৰাকীয়ে।
Comments