গুৱাহাটী, ২২ এপ্রিলঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে আৰু তেওঁ শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ভাৰতত উপস্থিত হোৱা বৰিছ জনছনে তেওঁৰ আদৰণিমূলক ভাষণত মুকলিকৈ কিছু কথা ব্যক্ত কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে, কিয়নো ভাৰতত তেওঁক উষ্ম আদৰণি জনোৱা হয়।
ইয়াৰ লগতে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক এজন বিশেষ বন্ধু হিচাপে অভিহিত কৰি কয় যে, "দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট শক্তিশালী হৈ উঠিছে।"
বৰিছ জনছনে এক বাৰ্তালাপত কয় যে, "গুজৰাটত মোক যি ধৰণে আদৰণি জনোৱা হৈছে, মই নিজকে শচীন তেণ্ডুলকাৰ আৰু অমিতাভ বচ্চনৰ দৰে অনুভৱ কৰিছোঁ। আহমেদাবাদত মোৰ চাৰিওফালে পোষ্টাৰ লাগি আছে, যাৰ বাবে মই যথেষ্ট অভিভূত হৈ পৰিছোঁ।"
ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন বিশেষ বন্ধু হিচাপে অভিহিত কৰি বৰিছ জনছনে কয় যে, "ধন্যবাদ; মোৰ বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোৰ বিশেষ বন্ধু, মই অনুভৱ কৰোঁ যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত বিশেষ বন্ধু হিচাপে আমি ঘনিষ্ঠ হৈ পৰিছো। বৰ্তমানৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত আৰু ব্ৰিটেইন ওচৰ চাপি আহিছে।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে তেওঁৰ ভ্ৰমণকাৰী ব্ৰিটিছ সমকক্ষ বৰিছ জনছনৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক সম্প্ৰসাৰিত কৰাৰ বাবে বিতং আলোচনা কৰে।
এই সন্দৰ্ভত, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ') এক টুইটযোগে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৰিছ জনছনে নতুন দিল্লীত আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে।"
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৰিছ জনছনে শুকুৰবাৰে 'ৰ'ডমেপ ২০৩০'কে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো মাত্ৰা পৰ্যালোচনা কৰে আৰু এই বছৰৰ শেষৰ ফালে মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত আলোচনা চূড়ান্ত কৰাৰ সিদ্ধান্ত লয়। দুয়োগৰাকী নেতাই এক নতুন আৰু সম্প্ৰসাৰিত দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা মিত্ৰতাৰ ক্ষেত্ৰতো সন্মত হয়।
মোদীয়ে ব্ৰিটেইনক ভাৰতৰ ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। প্ৰধানমন্ত্ৰী মোদী আৰু জনছনে 'ৰ'ডমেপ ২০৩০' ৰূপায়ণৰ দিশত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰে।
Comments