গুৱাহাটী,২২ এপ্ৰিল:সভ্য সমাজক লজ্জিত কৰাৰ জংঘন্য ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।গাড়ীগাওঁ কিশোৰী দলবদ্ধ জঘন্য ঘটনা মাৰ নাযাওঁতেই পুনৰ তেনে এক ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰীক।এইবাৰ ঘটনাৰ স্থান মহানগৰী হাতীগাঁও।তিনি সহকৰ্মীৰ কামনাৰ বলি হ’ল এগৰাকী কাৰ্বি জনগোষ্ঠীয় মহিলা।হাতীগাঁৱৰ পুৱেৰুন পথত বুধবাৰে সংঘটিত হয় এই জঘন্যকাণ্ড।
উল্লেখ্য মনস্ত্ৰীম ডট কম নামৰ এটা কোম্পানীত কৰ্মৰত আছিল তিনি অভিযুক্ত। মহিলা গৰাকীয়ে নতুনকৈ যোগদান কৰিছিল কোম্পানীটোত।আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে ৩৭বছৰীয়া মহিলা গৰাকীয়ে ১৮এপ্ৰিলৰ দিনা যোগদান কৰিছিল কোম্পানীত।
৩ অভিযুক্ত কোম্পানীটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল।২০ এপ্ৰিলৰ দিনাখন মহিলা গৰাকীক দুপৰীয়া আহাৰ খাবলৈ হাতীগাঁও নীলকমল পথৰ ২১নম্বৰ ঘৰটোলৈ মাতি নিছিল। তাতে তেওঁক অভিযুক্ত নইয়মুদ্দিন আলি, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে দলবদ্ধভাৱে ধর্ষণ কৰে।
মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিতে হাতীগাঁও আৰক্ষীয়ে তিনি ধর্ষণকাৰী লগতে কোম্পানীৰ স্বতাধিকাৰীক গ্ৰেপ্তাৰ কৰে।গুৰুত্বপূৰ্ণ কথা যে মহিলা গৰাকী সৈতে এখন পাৰ্লাৰত পূর্বতে চিনাকি হৈছিল অভিযুক্ত কেইটাই। ইফালে অভিযুক্ত তিনিটাই প্ৰকাশ কৰা মতে মহিলা গৰাকীয়ে পাঁচ হাজাৰকৈ টকা দাবী কৰিছিল।কিন্তু টকা নিদিয়া বাবে এজাহাৰ দাখিল কৰিছে।
Comments