Cartoon
View Older
গুৱাহাটী,২২ এপ্ৰিল:ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰায় দুমাহ ধৰি যুদ্ধ চলি আছে। ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বহুতো অঞ্চল নিজৰ দখললৈ নিছে। বৃহস্পতিবাৰে, ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিয়পোলও দখল কৰে, যাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইয়াৰ পিছতে নিজ দেশৰ সৈনিকসকলক ইউক্ৰেইনৰ ওপৰত পোৱা এই সাফল্যৰ বাবে অভিনন্দন জনাইছে।
এই পর্যন্ত ৰাছিয়া-ইউক্রেইন যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ নাই। ক্রমে ভয়ঙ্কৰ হৈছে পৰিস্থিতি। ৰুছ আক্ৰমণত হাজাৰ হাজাৰ লোকে এই পর্যন্ত প্রাণ হেৰুৱাইছে ইউক্রেইনত। যিসকলৰ ভিতৰত আছে শতাধিক শিশুও।ইউক্রেইন চৰকাৰে সম্প্রতি দাবী কৰিছে, ৰুছ আক্ৰমণত এই পর্যন্ত ৫৯৪ জন শিশুৰ ওপৰত ভয়ঙ্কৰ প্রভাৱ পৰিছে। যাৰ ভিতৰত ২০৮ জনে প্রাণ হেৰুৱাইছে। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে ৩৮৬ জন।
Comments