গুৱাহাটী, ২৩ এপ্ৰিলঃ শুক্ৰবাৰে অৰ্থাৎ ২২ এপ্ৰিল ২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) নিৰ্বাচন সামগ্ৰিকভাৱে ৫২.৮০ শতাংশৰ সৈতে শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, কোনো ভোটকেন্দ্ৰৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনা বা কোনো নিৰ্বাচন সম্পৰ্কীয় হিংসা নোহোৱাকৈ নিৰ্বাচন সম্পূৰ্ণভাৱে শান্তিপূৰ্ণ পৰিৱেশৰ মাজত সম্পন্ন হৈ গৈছে।
শুক্রবাৰে ৫৭ টা ৱাৰ্ড বাবে মুঠ ৭৫৭ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কিয়নো, জিএমচিৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত, বিজেপিয়ে ইতিমধ্যে ৩ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।
৫৭ টা ৱাৰ্ডত মুঠ ১৯৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। মুঠ ১৯৭ জনৰ ভিতৰত ৫০ জন ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী, ৫৪ জন কংগ্ৰেছৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ (অগপ) ৭ জন, আম আদমী পাৰ্টিৰ (আপ) ৩৮ জন, অসম জাতীয় পৰিষদৰ (অজাপ) ২৫ জন, চিপিআই (এম)ৰ ৪ জন আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি আন দলৰ ১৯ জন প্ৰাৰ্থী বুলি নিৰ্বাচনী আয়োগৰ পৰা জানিব পৰা গৈছে।
জিএমচি নিৰ্বাচনত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হৈছে, যাৰ ভোটগণনা ২৪ এপ্ৰিল, ২০২২ তাৰিখ অৰ্থাৎ ৰবিবাৰে অনুষ্ঠিত হ'ব।
Comments